ETV Bharat / state

ডিফুত নোমল মমিনৰ পুত্তলিকা দাহ - karbi students union

দেওবাৰে বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমল মমিনৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ তেওঁ কেএচএৰ লগতে একাংশ দল-সংগঠন মূল্যহীন আৰু দালাল বুলি কৰা তীৰ্যক মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে কেএচএকে ধৰি বিভিন্ন দল-সংগঠন ৷

mla-numal-momin-effigy-burned
ডিফুত নোমল মমিনৰ পুত্তলিকা দাহ
author img

By

Published : Mar 28, 2021, 8:04 PM IST

ডিফু,28 মাৰ্চ: কাৰ্বি আংলং জিলাৰ ডিফুত দেওবাৰে বোকাজানৰ বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমল মমিনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ৷ ডিফুৰ ৰংফাৰপী ৰংবে প্ৰতিমূৰ্তিৰ সমীপত কেএচএ, এলৱাইএচঅৱ, কেএইছডিপিঅৱ আৰু ইউএলডিচিয়ে পুত্তলিকা দাহ কৰে প্ৰাৰ্থী ডাঃ নোমল মমিনৰ ৷

ডিফুত নোমল মমিনৰ পুত্তলিকা দাহ

প্ৰতিবাদকাৰীসকলে ডাঃ নোমল মমিন মু্ৰ্দাবাদ, গ’ বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ডাঃ মমিনে কাৰ্বি আংলঙৰ কেএচএৰ লগতে একাংশ দল-সংগঠন মূল্যহীন আৰু দালাল বুলি তীৰ্যক মন্তব্য কৰা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷

সংগঠনৰ নেতাই ডাঃ নোমল মমিনক কেএচএৰ ইতিহাস নজনাকৈ মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে, অন্যথা তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব বুলি কয় ৷ কেএচএই কেৱল ৰোমান লিপি আন্দোলনতে সীমাবদ্ধ থকাই নহয়, কেএচএ আৰু দল-সংগঠনৰ আন্দোলনৰ ফচলস্বৰূপে এমঅ’এচ আৰু বৰ্তমানৰ উন্নয়ন সম্ভৱ হৈছে ৷

প্ৰতিবাদকাৰীসকলে কয় যে, কেএচএ কোনোপধ্যেই দালাল নাছিল ৷ জিলাখনৰ কৃষ্টি-সংস্কৃতিৰ বাবে সংগঠনটোৱে এক মুখ্য ভূমিকা পালন কৰি আহিছে ৷

লগতে পঢ়ক : সোমবাৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্রী মুখতাৰ আব্বাছ নাকভি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.