ETV Bharat / state

ডিফুত প্ৰায় ২০৬৫ পৰিয়ালে যোগ দিলে বিজেপিত - কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

ডিফুত বিভিন্ন দলৰ প্ৰায় ২০৬৫ পৰিয়ালৰ বিজেপিত গণ যোগদান (Many party workers joined in BJP at Diphu) । উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং (KAAC CEM Tuliram Ronghang)৷

many-parties-workers-joined-in-bjp
ডিফুত বিভিন্ন দলৰ কৰ্মীৰ বিজেপিত গণ যোগদান
author img

By

Published : Apr 21, 2022, 10:44 PM IST

ডিফু, ২০ এপ্ৰিল : সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে গেৰুৱা দল বিজেপিত যোগদান কৰিলে বিভিন্ন দলৰ কৰ্মীসকলে (Many parties workers joined in BJP at Diphu )। বুধবাৰে ডিফুস্থিত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত চাৰি মাইলস্থিত বিজেপি কাৰ্যালয়ত ধনশিৰি পৰিষদীয় সমষ্টি আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ প্ৰায় ২০৬৫ টা পৰিয়াল ক্ৰমে কংগ্ৰেছ, এপিএইছএলচি তথা বহু কৰ্মীয়ে অগপ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ।

তাৎপৰ্যপূৰ্ণভাৱে ডিফুৰ বিজেপি কাৰ্যালয়ত গণযোগদানৰ সময়ত এক গেৰুৱাময় পৰিৱেশে বিৰাজ কৰে । যোগদান কৰা সদস্য সকলৰ হাতে হাতে গেৰুৱা ছাতি ডিঙিত গেৰুৱা মাফলাৰ আৰু মূৰত গেৰুৱা টুপীয়ে যোগদান কাৰ্যসূচীক এক অন্য মাত্ৰা দিয়া পৰিলক্ষিত হয় ।

ইফালে, উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC CEM Tuliram Ronghang) কয় যে, বৰ্তমান কাৰ্বি আংলঙৰ ৰাইজে বিজেপি দলৰ উন্নয়নমূলক কাৰ্যকলাপ পৰিৱৰ্তন, নতুন যুৱক- যুৱতীক সংস্থাপনৰ স্বাৰ্থত বিজেপিত যোগদান কৰিছে ।

ডিফুত বিভিন্ন দলৰ কৰ্মীৰ বিজেপিত গণ যোগদান

ইপিনে, ধনশিৰিৰ প্ৰাক্তন মণ্ডল কংগ্ৰেছ কমিটীৰ সম্পাদক নাৰছিং হাঞ্চু, মণ্ডল কংগ্ৰেছ কমিটীৰ প্ৰাক্তন উপ-সভাপতি হেমবাং জিদুং, হাওৰাঘাটৰ প্ৰাক্তন সভাপতি দেউৰী লেকথে আৰু সম্পাদক কুলদীপ ৰংপি লগতে ডিচিচিআইৰ অন্যান্য পিছপৰা জনজাতি অধ্যক্ষ মুকুল সন্দিকৈৰ নেতৃত্বত কৰ্মীসকলে গেৰুৱা দলত যোগদান কৰে ।

উল্লেখ্য যে, যোগদান কাৰ্যসূচীত সাংসদ দৰছিং ৰংহাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং পূৱ কাৰ্বি আংলং বিজেপি সভাত ধনছিং টেৰণকে আদি কৰি কেইবাগৰাকীও বিজেপি নেতাকৰ্মী এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ।

লগতে পঢ়ক : GMC Election 2022 : নুনমাটিত অজাপ আৰু বিজেপিৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.