ডিফু , 3 নৱেম্বৰ : ডিফু আৰক্ষীৰ আন এক সাফল্য ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে মোবাইল চুৰিৰ অপৰাধত এগৰাকী যুৱতীক আটক কৰে(Lady Mobile thief arrested in Diphu) ৷ লগতে ধৃত যুৱতী গৰাকীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিটাকৈ মোবাইল ফোন ৷
এই আটকাধীন যুৱতীগৰাকী হোজাই জিলাৰ লামডিঙৰ শীতলাপথৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত যুৱতী গৰাকীয়ে বিগত 30 নৱেম্বৰত ডিফুৰ পুলিছ ৰিজাৰ্ভৰ এলেকাৰ পৰা তিনিটাকৈ মোবাইল ফোন চুৰ কৰিছিল ৷
ইতিমধ্যে আৰক্ষীয়ে ডিফু থানাত ধৃত যুৱতীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 380 মতে 346/21 গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত যুৱতীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: Nagaon Police Raid : নগাঁৱত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া