ETV Bharat / state

Karbi Anlong eviction controversy: কাৰ্বি ছাত্ৰ সন্থাই উভতি ধৰিলে আমছুৰ সভাপতিক - কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উচ্ছেদ অভিযান

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত প্ৰশাসনে উচ্ছেদ চলাইছিল (Karbi Anglong eviction)। এই উচ্ছেদৰ পাছতে আমছু আৰু কাৰ্বি ছাত্ৰ সন্থাৰ মাজত ব্যাপক বাকযুদ্ধ চলিছে । উচ্ছেদ সম্পৰ্কে আমছুৰ সভাপতিয়ে কৰা বিতৰ্কিত মন্তব্যৰ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থাই ।

Karbi Anlong eviction controversy
কাৰ্বি ছাত্ৰ সন্থাই উভতি ধৰিলে আমছুৰ সভাপতিক
author img

By

Published : Dec 29, 2021, 9:14 PM IST

ডিফু,২৯ ডিচেম্বৰ : কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত যোৱা ২০ আৰু ২৪ ডিচেম্বৰত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উচ্ছেদ অভিযানক (Karbi Anglong eviction) লৈ আমছুৰ সভাপতিয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থাই ৷ কেৱল মুছলমানক বাছি বাছি উচ্ছেদ কৰা বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এক মন্তব্য কৰিছিল । কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ক্ৰমে থানচিং তিমুং আৰু ছিমিয়ন ৰংফাৰে এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (KSA criticizes AAMSU president)।

ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে তেওঁলোকে কয় যে, আমছুৰ সভাপতিগৰাকীৰ মন্তব্য সত্য নহয় । কাৰ্বি ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবীক সমৰ্থন জনাই লাহৰিজানত উচ্ছেদ চলাইছিল কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে ৷ ষষ্ঠ অনুসূচী এলেকাভূক্ত কাৰ্বি আংলঙৰ ইতিহাস আৰু ভূমি নীতি নজনাকৈ আমছুৰ সভাপতি গৰাকীয়ে প্ৰৰোচনামূলক মন্তব্য কৰা বুলি অভিযোগ কৰে কাৰ্বি ছাত্ৰ সন্থাই ৷

কাৰ্বি ছাত্ৰ সন্থাই উভতি ধৰিলে আমছুৰ সভাপতিক

তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে কৰা উচ্ছেদক প্ৰশংসা কৰে সংগঠনটোৱে ৷ লাহৰিজানৰ দুদু কলনিত অবৈধ বেদখলকাৰীসকলে ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত আছিল বুলিও অভিযোগ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিদ্বয়ে ৷

তেওঁলোকৰ মতে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে জিলাখনৰ বিভিন্ন প্ৰান্তত অন্যায়ভাৱে বেদখল কৰি থকা সকলক উচ্ছেদ কৰি আছে ৷ তেওঁলোকৰ অভিযোগ, আমছুৰ সভাপতিগৰাকীৰ মন্তব্যই সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিব ৷ সেয়ে আমছুৰ সভাপতিগৰাকীক এনে প্ৰৰোচনামূলক মন্তব্য নকৰিবলৈ আহ্বান কেএছএৰ সভাপতিদ্বয়ৰ ৷

দুদু কলনিত বাস কৰা লোকে উচ্চ ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে আবেদন কৰিছিল যদিও মাত্ৰ ৭ টা পৰিয়ালৰ উচ্ছেদতহে স্থগিতাদেশ জাৰি কৰিছিল ন্যায়ালয়ে । বাকী ১০৭ টাৰো অধিক পৰিয়ালৰ উচ্ছেদৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে কোনো বাধা আৰোপ কৰা নাছিল বুলিও কয় কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিদ্বয়ে । তেওঁলোকৰ অভিযোগ উচ্ছেদিত সকলৰ কোনো বৈধ নথি নাই । আনহাতে লাহৰিজানৰ ওচৰে পাজৰে থকা অবৈধ বেদখলকাৰীকো শীঘ্ৰে উচ্ছেদ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদক আহ্বান জনায় কাৰ্বি ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক :Karbi Anglong eviction: চৰকাৰৰ বিৰুদ্ধে উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.