ETV Bharat / state

ডিলাইত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া - কে সিং সিদ্ধু

শুকুৰবাৰে ডিলাই আৰক্ষীৰ গুলীত ধৰাশায়ী হ'ল ড্ৰাগছ মাফিয়া কে সিং সিদ্ধু । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ পিষ্টল কাঢ়ি নি পলায়নৰ চেষ্টা কৰিছিল সিদ্ধুৱে । শেহতীয়াকৈ কে সিং সিদ্ধুৰ বিৰুদ্ধে অজিত দাসৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল ।

KIDNAPPER KONWALDEEP SINGH SIDDHU SHOT DEAD IN ENCOUNTER AT DILAI
ডিলাইত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া কে সিং সিদ্ধু
author img

By

Published : Jul 3, 2021, 12:13 PM IST

ডিফু, ৩ জুলাই : কাৰ্বি আংলঙৰ ডিলাইত আৰক্ষীৰ গুলীত নিহত হ'ল ড্ৰাগছ মাফিয়া কে সিং সিদ্ধু । শুকুৰবাৰে ডিলাই থানাৰ অন্তৰ্গত দলদলী সংৰক্ষিত বনাঞ্চলৰ ৬ মাইলত এই ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, শুকুৰবাৰে এখন মটৰ চাইকেলেৰে ডিলাই হৈ ডিমাপুৰলৈ পলায়ন কৰাৰ চেষ্টা কৰোঁতে ডিলাই আৰক্ষীয়ে কোঁৱলদ্বীপ সিং সিদ্ধুক গ্ৰেপ্তাৰ কৰে ৷ কোঁৱলদ্বীপ সিং সিদ্ধুৱে আৰক্ষীৰ চকুত ধূলি দিবলৈ দাঢ়ি, চুলি কাটি এক বেলেগ ৰূপ লৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ৷

গ্ৰেপ্তাৰৰ পিছত ডিলাই আৰক্ষীয়ে কোঁৱলদ্বীপ সিঙক লৈ এএছ ০১ ইজে ৬৯৮৩ নম্বৰৰ এখন বগা ৰঙৰ বলেৰ' গাড়ীৰে নিৰাপত্তাৰক্ষীসহ ডিফু হৈ গুৱাহাটীলৈ ৰাওনা হয় । যাত্ৰা কৰি থকাৰ সময়তে হঠাতে কোঁৱলদ্বীপ সিঙে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকৰ চাৰ্ভিছ পিষ্টল কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰে ৷ আৰক্ষীয়ে বাৰে বাবে সকীয়নি দিয়াৰ পাছতো কাণসাৰ দিয়া নাছিল কোঁৱলদ্বীপে ।

উপায়হীন হৈ আৰক্ষীয়ে কোঁৱলদ্বীপ সিঙলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় । পাছত গুৰুতৰভাৱে আহত কোঁৱলদ্বীপক ডিলাই উপ-স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয় ৷ উল্লেখ্য যে, কোঁৱলদ্বীপক সিং সিদ্ধু ৰে'লৱে আৰক্ষীত কৰ্মৰত আছিল আৰু ড্ৰাগছ সৰবৰাহৰে জড়িত আছিল ৷

পূৰ্বে অবৈধ অস্ত্ৰ মজুত ৰখাৰ অভিযোগত কোঁৱলদ্বীপক সিঙক গুৱাহাটীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাছতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷ শেহতীয়াকৈ কোঁৱলদ্বীপক সিং সিদ্ধু ব্যৱসায়ী অজিত দাসৰ অপহৰণ কাণ্ডৰেও জড়িত আছিল বুলি জানিব পৰা গৈছে ৷

যোৱা ২৩ জুনত গুৱাহাটীৰ পল্টন বজাৰৰ কালিবাৰীৰ বাসগৃহৰ শোৱনি কোঠাৰ পৰা পৰাই ৫ টা দুৰ্বৃত্তই অজিত দাস অপহৰণ কৰিছিল । পিছত যোৱা ২৮ জুনক আৰক্ষীয়ে জাগীৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা অজিত দাসক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অপহৰণ কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰে যদিও কোঁৱলদ্বীপ সিং পলাতক হৈ আছিল । আশ্চৰ্যজনকভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ জন অপহৰণকাৰীৰ তিনিজনেই অসম আৰক্ষীৰ জোৱান আৰু এজন ফাৰ্মাচিষ্ট ।

লগতে পঢ়ক: পেডেল মাৰি মাৰি পীযুষৰ সৈতে যাত্ৰা ৰেকিবুদ্দিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.