ডিফু, ৩০ আগষ্ট: এফালে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান, আনফালে আৰক্ষীক প্ৰত্যাহ্বান জনাই ড্ৰাগছৰ অবৈধ বেহা চলাই আছে একাংশ লোকে । ইতিমধ্যে বহু ড্ৰাগছ সৰবৰাহকাৰী ৰঙাঘৰৰ আলহী হৈছে যদিও ড্ৰাগছৰ ক'লা ব্যৱসায় বন্ধ হোৱা নাই । ন ন উপায় অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে অসাধু ব্যৱসায়ীয়ে । দেওবাৰে কাৰ্বি আংলঙৰ খটখটীত আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী ।
![KHOTKHOTI POLICE APPRENDED ONE PERRON WITH DRUGS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu29082021khotkhotipoliceapprendedoneperronwithdrugs_29082021171816_2908f_1630237696_920.jpg)
গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে বিয়লি প্ৰায় ৩ বজাত আৰক্ষীয়ে খটখটীত এখন যাত্ৰীবাহী বাছত তালাচী চলায় । খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰু কাৰাগাঁও টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ নাথৰ সহযোগত আৰক্ষীৰ এটা দলে ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত বাছখন ৰখাই তালাচী অভিযান আৰম্ভ কৰে । এই তালাচীৰ সময়ত আৰক্ষীয়ে ৪৭.২০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল হেৰ’ইনখিনি ।
ওছমান আলী নামৰ এজন লোকে এএছ-০১-এনচি-১৮৪৯ নম্বৰৰ যাত্ৰীবাহী বাছখনেৰে যাত্ৰা কৰাৰ সময়ত এই হেৰ’ইনখিনি লগত আনিছিল । হেৰ’ইনখিনি জব্দ হোৱাৰ পাছতে আৰক্ষীয়ে ওছমান আলীক আটক কৰে ।
![KHOTKHOTI POLICE APPRENDED ONE PERRON WITH DRUGS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu29082021khotkhotipoliceapprendedoneperronwithdrugs_29082021171816_2908f_1630237696_443.jpg)
ধৃত সৰবৰাহকাৰীটোৰ ঘৰ বোকাজান থানাৰ অন্তৰ্গত শুকানজানত । জব্দকৃত আন্তঃৰাষ্ট্ৰীয় বজাৰত হেৰ’ইনখিনিৰ মূল্য প্ৰায় দহ লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে এনেদৰে পুনৰ নিচাযুক্ত দ্ৰব্য জব্দ হোৱা ঘটনাই প্ৰমাণ কৰিছে যে, অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছৰ ক'লা বেহা ।