ডিফু , 2 ছেপ্তেম্বৰ : সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত 'দিয়া-লোৱা' নীতিৰ বিৰোধীতা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনৰ ৷ অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা সমস্যাক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলত প্ৰায়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ 'দিয়া-লোৱা' নীতিৰ তীব্ৰ বিৰোধীতা কৰি কাৰ্বি আংলঙৰ কেইবাটাও দল সংগঠনে চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ চৰকাৰৰ এই নীতিৰ বিৰোধীতা কৰি সংগঠনকেইটাই ডিফুৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰে ৷
![karbi unions send memorandum to cm opposing give and take policy on border issue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu01092021opposeagainstgivetakepolicyregardingborderissue_01092021174310_0109f_1630498390_115.jpg)
উক্ত নীতিৰ বিৰোধীতা কৰাৰ লগতে এনে নীতি প্ৰত্যাহাৰ কৰা আৰু সকলো পক্ষ তথা সামজিক সংগঠনক এই প্ৰক্ৰিয়াত জড়িত কৰাৰ বাবে সংগঠন কেইটাই দাবী উত্থাপন কৰে ৷ সংগঠনকেইটাই সীমান্তৰ বিবাদমান অঞ্চলত মেঘালয়ৰ আমোলা বিষয়াৰ অনাধিকাৰ প্ৰৱেশ বন্ধ কৰাৰ বাবেও দাবী উত্থাপন কৰে ৷ লগতে এনে স্থানত মেঘালয় চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ উন্নয়নমূলক আঁচনি বন্ধ কৰাৰ বাবেও সংগঠন কেইটাই দাবী জনায় ৷
![karbi unions send memorandum to cm opposing give and take policy on border issue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu01092021opposeagainstgivetakepolicyregardingborderissue_01092021174310_0109f_1630498390_580.jpg)
জানিব পৰা মতে, ইউনাইটেড প্ৰটেকশ্যন অৱ কাৰ্বি আংলং(United Protection of Karbi Anglong), ইউনাইটেড কাৰ্বি য়ুথ কাউন্সিল(United Karbi Youth Council) আৰু সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা প্ৰভৃতি সংগঠন(All India KArbi Student's Union)এ মুখ্যমন্ত্ৰীলৈ এই স্মাৰকপত্ৰখন প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : NHPC ৰ পৰা কি ক’লে শংকৰজ্যোতি বৰুৱাই ?