ETV Bharat / state

পখিলা লেকথেপীৰ জনপ্ৰিয় গীতত কণ্ঠ নিগৰালে প্লাবিতা বৰদলৈয়ে

পাহাৰৰ মেলডি কুইন পখিলা লেকথেপীৰ জনপ্ৰিয় গীত “ডাম্পনে ৱাংচ’ আপিৰথে” ত কণ্ঠদান শিল্পী প্লাৱিতা শইকীয়াৰ ৷ গীতটিৰ অডিঅ’-ভিডিঅ’ মুকলি ৷

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:52 PM IST

The melody queen of karbi pokhila lekthepi
ডাম্পনে ৱাংচ’ আপিৰথে কভাৰ চং মুকলি
মেলডি কুইন পখিলা লেকথেপীৰ জনপ্ৰিয় গীত “ডাম্পনে ৱাংচ’ আপিৰথেৰ অডিঅ’-ভিডিঅ’ মুকলি

ডিফু, ১ ডিচেম্বৰ : অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হ’ল পখিলা লেকথেপী ৷ মেলডি কুইন ৰূপে স্বীকৃত, অসম চৰকাৰৰ ২০২৩ চনৰ শিল্পী বঁটা প্ৰাপক পখিলা লেকথেপীৰ অতি জনপ্ৰিয় এটি কাৰ্বি গীত হ’ল “ডাম্পনে ৱাংচ’ আপিৰথে” ৷ সেই গীতটো এইবাৰ অডিঅ’ ভিজুৱেল মাধ্যমেৰে সজাইছে নতুন প্ৰজন্মৰ পাহাৰৰ আন এগৰাকী জনপ্ৰিয় শিল্পী প্লাবিতা বৰদলৈ শইকীয়াই ৷

শুকুৰবাৰে প্লাবিতাৰ গীতটো ইউটিউবত আনুষ্ঠানিকভাৱে মুকলি কৰে গীতটোৰ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী পখিলা লেকথেপীয়ে ৷ গীতটো মুকলি কৰি যশস্বী শিল্পী গৰাকীয়ে কয় যে, ‘প্লাবিতাই ইমান সুন্দৰকৈ মোৰ গীতটো গাইছে যে মোৰ মন ভৰি গৈছে ৷ গীতটো বহুতে গাইছে কিন্তু গীতটোৰ গভীৰলৈ যোৱা নাই ৷ গীতটোত থকা দুখখিনি প্লাবিতাৰ কণ্ঠৰে নিগৰি আহিছে ৷ তদুপৰি সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত সাজেৰে প্লাবিতাই কৰা ভিডিঅটো ইমান নেচাৰেল হৈছে যে মই পুলকিত হৈছো গীতটো শুনি আৰু চাই ৷ তাইক মই মোৰ বিহুসুৰীয়া গীত এটা আছে, সেইটোও গাবলৈ দিম’ ৷

কাৰ্বিৰ উচ্চাৰণ সুন্দৰ হৈছে বুলি কৈ প্ৰবীণ শিল্পী গৰাকীয়ে কয় যে, ‘মই আৰ্শীবাদ কৰিছো প্লাবিতা আৰু আগবাঢ়ি যাওঁক’ ৷ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত গীতটো মুকলি কৰা অনুষ্ঠানত উপস্থিত থকা যুৱ প্ৰজন্মৰ এগৰাকী চিন্তাশিল নেতা তথা পাহাৰীয়া লোকৰ সাংস্কৃতিক সন্থাৰ সভাপতি লাইচান ইংলেঙে কয় যে, ‘প্লাবিতা বাইদেৱে গীতটো ইমান সুন্দৰকৈ গাইছে নামটো নাচালে কোনেও নকব এগৰাকী অসমীয়া শিল্পীয়ে গোৱা বুলি’ ৷

পখিলা লেকথেপীয়ে এই দুখৰ গীতটোৰ পটভূমিৰ বিষয়ে ক’বলৈ গৈ কৈছিল যে, ‘ভৰ যৌৱনত মই এজন ধনী যুৱকৰ প্ৰেমত পৰিছিলো ৷ কিন্তু সিহঁতৰ ঘৰৰ লোকে আমি অতি দুখীয়া হোৱাৰ বাবে আমাক বিয়াত বহিবলৈ নিদিলে ৷ সেই দুখতে ১৯৭৮ চনত মই গীতটো লিখি, সুৰ কৰি গাইছিলো’ ৷

এই প্ৰসংগত ইংলেঙে কয় যে, পখিলা লেকথেপী বাইদেউৰ সেই দুখে আমাক এটা অন্তৰস্পৰ্শী গীত দিলে ৷ তেওঁ এজনক নাপালে কিন্তু আজি হাজাৰ হাজাৰ, লাখ লাখ শ্ৰোতা তেখেতৰ গীতত মুগ্ধ ৷ সেয়ে ভগৱানে তেখেতৰ মিলন হ’বলৈ নিদিলে ৷ মিলন হ’লে আমি জনপ্ৰিয় শিল্পী পখিলা লেকথেপীক হয়তো নাপালোহেঁতেন ৷

হিল পিপল কালচাৰেল ফ’ৰামৰ সম্পাদক ধীৰাজ ডিফুছাই প্লাবিতাৰ গীতটো ইউটিউবত জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকে পদক্ষেপ ল’ব বুলি কৈ দুয়োগৰাকী শিল্পীৰ লগত আজি এনে অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাটো সৌভাগ্য বুলি মন্তব্য কৰে৷ শিল্পী প্লাবিতা বৰদলৈয়ে প্ৰবীণ শিল্পী পখিলা লেকথেপীৰ লগতে যি সকলে গীতটো মুকলি কৰাত সহায় কৰিলে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : ২৫ লাখ টকা ব্যয়ৰে অমৃত উদ্যানৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.