ETV Bharat / state

Ongoing issue of ACS Mukul Kather: পত্নীৰ ভগ্নীক অত্যাচাৰ চলোৱা মুকুল কাথাৰৰ সন্ধানত আৰক্ষীৰ অভিযান

author img

By

Published : Apr 24, 2023, 8:15 PM IST

ডিফুত জ্যেষ্ঠ এচিএছ বিষয়া মুকুল কাথাৰৰ পৰিয়াল কেন্দ্ৰিক সংঘাতে লৈছে অন্য ৰূপ ৷ বৰ্তমান ডিফু এৰি পলাই যোৱা ACS বিষয়াক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ শেহতীয়াকৈ পৰিয়াল কেন্দ্ৰিক গোচৰকলৈ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল (Diphu SP hold press meet on issue of Diphu ACS) ৷

Ongoing issue of ACS Mukul Kather
মুকুল কাথাৰ

মুকুল কাথাৰৰ সন্ধানত আৰক্ষীৰ অভিযান

ডিফু, 24 এপ্ৰিল : বৰ্তমান সময়ত পাহাৰীয়া জিলা কাৰ্বি আংলং জোঁকাৰি যোৱা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ ACS কাথাৰৰ পৰিয়াল কেন্দ্ৰিক সংঘাতে সচকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক ৷ শনিবাৰে জ্যেষ্ঠ এচিএছ বিষয়া মুকুল কাথাৰে পৰিয়াল কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি গুলী ফুটোৱাৰ ঘটনাই ডিফু চহৰত উত্তেজনাৰ সৃষ্টি কৰিছে ৷ পৰিয়াল কেন্দ্ৰিক বিবাদকলৈ বিষয়াজনে মুকলিকৈ কৰা গুণ্ডাগিৰিৰ বিষয়ে চৰ্চা অব্যাহত আছে জিলাখনত (Allegation against ASC officer harrash wife) ৷

এই পাৰিবাৰিক সংঘাত এতিয়া আইনৰ ওচৰ পাইছেগৈ ৷ বিষয়াজনৰ বিৰুদ্ধে পত্নীয়ে কৰা গোচৰকলৈ জিলা আৰক্ষী অধীক্ষকে এখন সংবাদমেলৰ আয়োজন কৰে ৷ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এই সংবাদমেল আয়োজন কৰি বিষয়টোকলৈ আৰক্ষীৰ তদন্তৰ অগ্ৰগতিৰ কথা সদৰী কৰে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেলখনত কয় যে, যোৱা ২২ এপ্ৰিলত এচিএছ বিষয়া মুকুল কাথাৰে সন্ধিয়াৰ ভাগত এক পৰিয়াল কেন্দ্ৰিক সংঘাতকলৈ নিজ জেশাহুক অপদস্থ কৰা বুলি এখন এজাহাৰ লাভ কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৪১/৩২৩/৫০৬ ত ২৩/৪৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে ৷ তাৰ পাচতে পুনৰ মুকুল কাথাৰে ৰুকাছেন গাঁৱত থকা শহুৰৰ ঘৰলৈ গৈ এক ৰাউণ্ড গুলী ফুটোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

এই সন্দৰ্ভত মুকুল কাথাৰৰ পত্নীৰ এজাহাৰ ভিত্তিত পুনৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৪৭/২৯৪(ক)/৫০৬ আৰু R/W ধাৰা ২৫ 1(ক)/২৭ অস্ত্ৰ আইনৰ অধীনত ডিফু থানাত ২৩/৪৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হয় (ACS officer assaulted wife in diphu) ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এচিএছ বিষয়া গৰাকীয়ে ফুটোৱা গুলী আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এচিএছ বিষয়া মুকুল কাথাৰৰ বাসভৱনত তালাচী চলাই ঘটনা সংঘটিত কৰা পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু এতিয়ালৈকে মুকুল কাথাৰক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷

আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে যে, মুকুল কাথাৰে বৰ্তমান গুৱাহাটীত আশ্ৰয় লৈ আছে ৷ তেওঁক শীঘ্ৰে আটক কৰাৰ বাবে আৰক্ষীয়ে চেষ্টা অব্যাহত ৰখা বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ আনহাতে ঘটনা সংঘটিত কৰা এচিএছ বিষয়া গৰাকীৰ গ্ৰেপ্তাৰ দাবীত জিলাখনৰ বিভিন্ন দল-সংগঠনে সংবাদমেল যোগে দাবী উত্থাপন কৰিছে (ACS Mukul Kather controversy) ৷

লগতে পঢ়ক : Srinivas BV case: 2 মে’ত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ শ্ৰীনিবাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.