ডিফু,30 মাৰ্চ: আগন্তুক 1 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে কাৰ্বি আংলং জিলা প্ৰশাসন ৷ মঙলবাৰে জিলাখনৰ দুৰ্গম আৰু ভিতৰুৱা অঞ্চলৰ ভোটকেন্দ্ৰসমূহলৈ ইভিএম আৰু নিৰ্বাচনী সামগ্ৰী লৈ ৰাওনা হৈছে প’লিং আৰু প্ৰিজাইডিং বিষয়াসকল ৷
জিলাখনৰ নিৰ্বাচনী বিষয়া জিণ্টু বৰাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, প্ৰথম পৰ্যায়ত মুঠ 44 টা ভোট কেন্দ্ৰৰ 18 নং হাওৰাঘাট সমষ্টিত 33 টা আৰু 19 নং ডিফু বিধানসভা সমষ্টিৰ 11 টা ভোটকেন্দ্ৰলৈ প’লিং আৰু প্ৰিজাইডিং বিষয়াসকল পৰ্যাপ্ত নিৰাপত্তাৰক্ষী সহ ৰাওনা হৈছে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলি নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ফুলকবিৰ প্ৰতীকেৰে প্ৰতিদ্বন্দ্বিতা ৰাতুল বৰাৰ