ETV Bharat / state

Press meet:স্বায়ত্ব শাসনৰ দাবীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰাক লৈ কাৰ্বি আংলঙত প্ৰতিক্ৰিয়া

author img

By

Published : Aug 7, 2023, 10:54 PM IST

Updated : Aug 7, 2023, 11:02 PM IST

স্বায়ত্ব শাসনৰ দাবীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰাক লৈ কাৰ্বি আংলঙত প্ৰতিক্ৰিয়া ৷ স্থিতি স্পষ্ট কৰিলে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহুকেইটা ৰাজ্য দাবী সংগঠনে ।

Press meet
কাৰ্বি আংলঙত প্ৰতিক্ৰিয়া
কাৰ্বি আংলঙত প্ৰতিক্ৰিয়া

ডিফু, ৭ আগষ্ট : যোৱা‌ ৩১ জুলাইত নতুন দিল্লীত দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰি স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল কাঞ্চছডিকম, কাৰ্বি ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সন্থাকে ধৰি জিলা তিনিখনৰ বহুকেইটা জাতীয় সংগঠনে । আনহাতে, নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰি স্বায়ত্বশাসনৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰা কাৰ্যক নিৰ্বাচনী চমক আখ্যা দিছিল আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলচ লিডাৰ্ছ কনফাৰেঞ্চ নামৰ দলটোৰ সভাপতি জে আই কাথাৰে ।

কাথাৰৰ এনে মন্তব্যৰ বিৰুদ্ধে সোমবাৰে ডিফুত যৌথভাৱে আয়োজন কৰা এক সংবাদমেলত সংগঠন কেইটাই কাথাৰক উভতি ধৰে । কাঞ্চছডিকমৰ সভাপতি অজিত তিমুঙে কয় যে, ‘১৯৮৬ চনৰ পৰা আমি স্বায়ত্ব শাসন দাবী কৰি আহিছো । কাঞ্চছডিকম আৰু ইয়াৰ লগত থকা সকলো সংগঠন অৰাজনৈতিক সংগঠন । আমাৰ মূল লক্ষ্য হ'ল তিনিখন পাৰ্বত্য জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য লাভ কৰাটো । কংগ্ৰেছ আমোলতো দিল্লী, দিছপুৰ, ডিফুত বিজেপিৰ চৰকাৰ থকাৰ পাচতো আমি স্বায়ত্ব শাসিত ৰাজ্য লাভ কৰিবলৈ সক্ষম নহ'লো । একেদৰে এতিয়া বিজেপিৰ শাসনতো দিল্লী, দিছপুৰ, ডিফুত চৰকাৰ থকাৰ পাচতো আজিলৈকে আমাৰ দাবী পূৰণ নহ'ল । আমি নিষ্ঠা সহকাৰে কোনো ৰাজনৈতিক নকৰাকৈ ৰাজনীতিত উৰ্দ্ধত থাকি স্বায়ত্ব শাসিত ৰাজ্য দাবী আন্দোলন চলাই আহিছোঁ’ । জিলাখনৰ সকলো জাতি-জনগোষ্ঠীক সামৰি আমি আন্দোলন চলাই যোৱাৰ বিপৰীতে জে আই কাথাৰে স্বায়ত্ব শাসিত আন্দোলনৰ নামত আজিলৈকে একোয়েই কৰা নাই বুলি কটাক্ষ কৰে তেওঁ ।

পূৰ্বে প্ৰশাসনীয় আমোলা ৰূপে কৰ্মৰত জে আই কাথাৰে এতিয়া ৰাজনৈতিক দল খুলি কেতিয়াবা পৰিষদৰ ভোটৰ তালিকাৰ পৰা অ-জনজাতীয়ৰ নাম কৰ্তন, কেতিয়াবা ষষ্ঠ অনুসূচীৰ অধিক ক্ষমতাৰ দাবী আৰু কেতিয়াবা পৰিষদৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দৰে স্থিতিহীন পদক্ষেপহে গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে বুলিও মন্তব্য কৰে তেওঁ । আমাৰ দিল্লী যাত্ৰা সম্পূৰ্ণ অ-ৰাজনৈতিক আৰু তিনিখন পাৰ্বত্য জিলাৰ জনসাধাৰণৰ আকাংক্ষিত স্বায়ত্ব শাসনৰ বাবেই বুলিও তেওঁ দাবী কৰে । জে আই কাথাৰক কঠোৰ সমালোচনা কৰি তিমুঙে লগতে উল্লেখ কৰে যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে আমাক পূৰ্বেও এইদৰে স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত নতুন দিল্লীত ধৰ্ণা প্ৰদৰ্শন আদি কৰাৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছে । ইয়াত ৰাজনীতিৰ কোনো কথা নাই বুলি উল্লেখ কৰি জে আই কাথাৰক আমোলা ৰূপে কাৰ্বি আংলঙৰ বাবে কৰা তেওঁৰ সেৱাৰ কথা প্ৰকাশ কৰিবলৈও প্ৰত্যাহ্বান জনায় ।

সংগঠনকেইটাই জিলাখনৰ সকলো ৰাষ্ট্ৰীয়, আঞ্চলিক ৰাজনৈতিক দল, অ-ৰাজনৈতিক সংগঠন আৰু তিনিখন পাৰ্বত্য জিলাৰ জনসাধাৰণক এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত চলা আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায় । আজিৰ এই সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি মিৰজেং ক্ৰ' আৰু সাধাৰণ সম্পাদক জৰ্জ তিমুঙৈ উপস্থিত থাকে ।

লগতে পঢ়ক : Amrit Bharat Station Scheme: ডিফু ৰে’ল ষ্টেচনৰ পুনৰ উন্নীতকৰণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

Last Updated : Aug 7, 2023, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.