ETV Bharat / state

দলদলী সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ দাবীত ডিফুত কংগ্ৰেছৰ সংবাদমেল - কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদ

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলৰ নগাৰ অবৈধ বেদখলকলৈ সৰৱ জিলা কংগ্ৰেছ ৷ হস্তিকুলৰ স্বাৰ্থত সীমান্ত এলেকাৰ দলদলী সংৰক্ষিত বনাঞ্চল ৰক্ষাৰ দাবী কংগ্ৰেছৰ ৷ সংবাদমেল আয়োজন কৰি বহু কথা ৰাজহুৱা দলটোৰ ৷

KADC PRESS MEET ON BOARDER ENCROSSMENT AT DIPHU
দলদলী সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ দাবীত ডিফুত কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Sep 18, 2020, 9:41 PM IST

ডিফু, 18 চেপ্টেম্বৰ : কাৰ্বি আংলং আৰু নাগালেণ্ড সীমান্ত অঞ্চলক লৈ অব্যাহত আছে শীতল যুদ্ধ ৷ এফালে যদি বৰ্ডাৰ ট্ৰাইভেল ৱেলফেয়াৰ ছ'চাইটিয়ে কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত অঞ্চলৰ দলদলী সংৰক্ষিত বনাঞ্চলত নগাৰ কোনো অবৈধ বেদখল হোৱা নাই বুলি সংবাদমেল যোগে স্থিতি স্পষ্ট কৰিছে ৷ আনহাতে, বিৰোধী দল কংগ্ৰেছে শুকুৰবাৰে আয়োজন কৰা সংবাদমেলত দলদলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, 1923 চনতে বৃটিছ চৰকাৰে বর্তমান কার্বি আংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চল ঘােষণা কৰিছিল । হাতী,হৰিণ,বান্দৰকে ধৰি বিভিন্ন জীৱ-জস্তু আৰু বিভিন্ন প্রজাতিৰ চৰাইৰ আবাসভূমি দলদলি সংৰক্ষিত বনাঞ্চলত এতিয়া বর্ডাৰ ট্ৰাইবেল ৱেলফেয়াৰ ছচাইটি নামৰ এটা সংগঠনৰ পৃষ্ঠপােষকতাত দলদলি সংৰক্ষিত বনাঞ্চল অসম-নগালেও সীমান্তত এটি পথ নির্মাণ কৰি থকা হৈছে । এই ছ'চাইটিখন গঠন কৰা হৈছে কার্বি আংলং জিলাৰ কেইগৰাকীমান নেতা আৰু নগালােকক লৈ ।

দলদলী সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ দাবীত ডিফুত কংগ্ৰেছৰ সংবাদমেল

সীমান্তত পথ নির্মাণ কৰিবলৈ অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগ আৰু সীমান্ত উন্নয়ন সঞ্চালকালয় আছে তেনেক্ষেত্রত কেইগৰাকীমান লােকে মিলি এখন সমিতি কৰি সীমান্তত পথ নির্মাণ কৰি আছে যদিও কৰ্তৃপক্ষ সম্পূৰ্ণ নিৰৱ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, 2014 চনত এই এলেকাত প্রায় 500 নগালােকে দলদলি সংৰক্ষিত বনাঞ্চলত বেদখল কৰিছিল । চৰকাৰে তেতিয়া সেই বেদখল উচ্ছেদ কৰাৰ বাবে বহু গুলী খৰচ কৰিব লগা হৈছিল । এগৰাকী অসমৰ বন বিভাগৰ কর্মচাৰী আৰু 8 গৰাকী নগা বেদখলকাৰীৰ দুয়ােপক্ষৰ গুলীয়াগুলীত মৃত্যু হৈছিল । সেই এলেকাতে এতিয়া সীমান্তৰ পথ নির্মাণৰ নামত চলিছে বেদখল, এই অভিযোগ কংগ্ৰেছৰ । পৰৱৰ্তী সময়ত বিবাদমান এলেকাৰ বুজ লবলৈ প্রাক্তন মন্ত্রী খৰছিং ইংতিয়ে এখন সমিতি গঠন কৰি দিছিল । এই সমিতিয়ে বিবাদমান অঞ্চল ভ্ৰমণ কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত সীমান্তত প্ৰত্যক্ষ কৰি অহা দৃশ্যৰ সন্দৰ্ভত বিৱৰি কয় ৷

লগতে পঢ়ক : বিশ্ব বাঁহ দিৱসঃ চাইকেল ব্ৰেণ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

সংবাদমেলত সমিতিৰ সভাপতি ৰতন ইংতিয়ে কয় যে, হেম্ফু মুক্রাং ট্রাইবেল ভিলেজ, দিকে মডেল ভিলেজ ডেভলপমেন্ট কমিটী আৰু ইউনাইটেড ভিলেজ নামৰ গাঁও পতাৰ বাবে বর্ডাৰ ট্রাইবেল ৱেলফেয়াৰ ছ'চাইটি নামেৰে নগালােকক লৈ এখন সমিতি গঠন কৰা হৈছে । এই সমিতিত নগালােকৰ লগতে আগভাগ লৈছে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্রাক্তন অধ্যক্ষ জর্জ মিলিক, কার্বি ছাত্র সহাৰ প্রাক্তন সভাপতি লিয়ন ইংলেং, ডিফু নগৰ সমিতিৰ প্রাক্তন অধ্যক্ষ মােহন তিছ, প্রাক্তন ইউপিডিএছৰ এডৱাৰ্জ বে' আৰু ছেমছন টেৰণে । ইতিমধ্যে নগালােকে অসমৰ প্রায় 2 কিলােমিটাৰ ভিতৰলৈকে ঘৰ-দুৱাৰ নির্মাণ কৰিছে ।

সীমান্তত পথ নির্মাণৰ নামত দলদলি সংৰক্ষিত বনাঞ্চলখন ধ্বংস কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্র কৰা বুলিও তেওঁ মন্তব্য প্ৰদান কৰে । ইংতিয়ে আকৌ কয় যে, অসম চৰকাৰে কিহৰ স্বার্থত সীমান্তত পথ নির্মাণৰ দায়িত্ব নগা আৰু একাংশ কার্বি আংলঙৰ নেতাৰ হাতত দিছে বুলিও প্রশ্ন কৰে । কংগ্রেছ দলে অভিযােগ কৰে যে, মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ প্রত্যক্ষ নির্দেশ থকাৰ বাবেই সংশ্লিষ্ট প্ৰশাসন আৰু বন বিভাগ নিমাত হৈ আছে ৷ ইয়াত পৰিষদৰ ভূমিকাও সন্দেহজনক বুলি তেওঁ কয় ।

লগতে পঢ়ক : ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

সংবাদমেলত পশ্চিম কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি ছার্থে ক্রামছাই জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি কোৱা বিজেপি চৰকাৰে মনে মনে নাগালেগুক অসমৰ মাটি বিক্রী কৰাৰ ছবি সীমান্তত স্পষ্ট হােৱা বুলি কয় । সীমান্তত এখন সমিতিয়ে পথ নির্মাণ কৰিবলৈ লােৱাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই লাহৰিজান ৰেঞ্জৰ ৰেঞ্জাৰ ধনী বাংকে ৰংপিক বিটিএডিৰ কলাইগাঁৱলৈ বদলি কৰাতাে তেওঁ আশ্বর্য প্রকাশ কৰি কয় যে, এই কথাই পৰিষদৰ বৰমুৰীয়া সকল যে ইয়াৰ লগত জড়িত তাক প্রমাণ কৰে বুলি কয় । সীমান্তত থকা বিঅপিসমূহে বর্তমান সীমান্তৰ পৰিস্থিতি সম্পর্কে চৰকাৰক জনাইছে নে নাই সেয়া ডাব্লিউ টি মেছেজ চালেই স্পষ্ট হ'ব বুলি জনাই আৰু যদি জনােৱা নাই তেন্তে জিলা প্রশাসন ইয়াৰ লগত জড়িত আৰু যদি জনাইছে তেন্তে দিছপুৰে এখন 100 বছৰীয়া বনাঞ্চল ধ্বংস কৰিবলৈ দিছে । গতিকে, মুখ্যমন্ত্ৰী ইয়াৰ বাবে জগৰীয়া হ'ব বুলি মন্তব্য কৰে । লগতে, তেওঁ কার্বি ছাত্র সন্থাৰ একাংশ নেতা এই চক্রৰ লগত জড়িত হােৱাতে দুখ প্রকাশ কৰি সকলােকে বনাঞ্চলখন ৰক্ষাৰ পক্ষত থিয় হবলৈ আহ্বান জনাই ।

লগতে পঢ়ক : দুৰ্নীতিক শ্ল'গান হিচাপে লৈ নিৰ্বাচনত 86 টা সমষ্টিত প্ৰাৰ্থীত্ব আম আদমী পাৰ্টীৰ

ইফালে, প্রদেশ কংগ্রেছৰ সম্পাদক ছেমছন ইংতিয়ে বিজেপি এতিয়া জাতি, মাটি, বিক্রী কৰা দল আৰু চৰকাৰ বুলি কটাক্ষ কৰে । উচ্চতম নায়ালয়ৰ আদেশক নামানি তেওঁলােকে এখন বনাঞ্চল বিক্রী কৰিবলৈ আগবাঢ়িছে । জিলা কংগ্রেছৰ উপ-সভাপতি ৰাতুল টেৰণে নগাৰ পৰা বহু ধন ইয়াৰ লগত জড়িত সকলে লােবা বুলিও অভিযােগ কৰে ।

আনহাতে, কার্বি আংলঙৰ এক ইঞ্চি মাটিও কাকো এৰি নিদিও বুলি সভাই সমিতিয়ে কৈ থকা কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখা কার্যবাহী সদস্য তুলিৰাম ৰংহাং এতিয়া কিয় মৌন বুলিও তেওঁ প্রশ্ন কৰে । কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্রধান সচিব গৰাকীয়ে সীমান্তৰ বিষয়টো আলােচনা কৰাৰ বাবে বিভিন্ন সংগঠক আমন্ত্রণ জনাইছে কিন্তু কংগ্রেছে আজি স্পষ্ট কৰে যে, আমি দলদলি সংৰক্ষিত বনাঞ্চলত সকলাে প্রকাৰৰ বেদখল বিৰোধী । হস্তিকুলৰ স্বার্থত এই বনাঞ্চল ৰক্ষা কৰিব লাগিব । সেয়ে আমি বেদখলকাৰীৰ স্বার্থত পতা সভাত উপস্থিত নাথাকো বুলি কয় ।

উল্লেখ্য যে, সংবাদমেলত জিলা কংগ্রেছৰ সম্পাদক ডাঃ মংৱে ৰংপি, জিলা উপ-সভাপতি প্রদীপ ছিংনাৰ আৰু ডেনিয়েল ইংতিও উপস্থিত থাকে ৷ বিৰোধী দল কংগ্ৰেছৰ স্থিতিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হৈ পৰিছে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতাৰ খিলঞ্জীয়ালৈ মনত পৰে কিয়ঃ উপমন্যু হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.