ETV Bharat / state

Book released programme: প্ৰেৰণাময়ী সাবিত্ৰী গগৈ অভিনন্দন গ্ৰন্থ উন্মোচন

দেওবাৰে কাৰ্বি আংলং জিলাৰ ডিফু ক্লাৱত উন্মোচন কৰা হয় 'প্ৰেৰণাময়ী সাবিত্ৰী গগৈ' শীৰ্ষক অভিনন্দন গ্ৰন্থ ৷ গ্ৰন্থখন সম্পাদনা কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা স্বৰ্ণালী গগৈ বৰাই (Book released programme at Diphu club) ৷

author img

By

Published : Apr 3, 2023, 12:58 PM IST

Book released programme at Diphu club
প্ৰেৰণাময়ী সাবিত্ৰী গগৈ অভিনন্দন গ্ৰন্থ উন্মোচন

ডিফু, 2 এপ্ৰিল : কাৰ্বি আংলং জিলাৰ ডিফু ক্লাৱত দেওবাৰে আয়োজন কৰা হয় এক অভিনন্দন অনুষ্ঠানৰ ৷ অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী, লেখিকা তথা সমাজকৰ্মী সাবিত্ৰী গগৈৰ অভিনন্দন গ্ৰন্থ 'প্ৰেৰণাময়ী সাবিত্ৰী গগৈ' উন্মোচন কৰা হয় ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা স্বৰ্ণালী গগৈ বৰাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে কয় যে ডিফু এখন সৃষ্টিশীল স্থান ৷ ইয়াৰ প্ৰকৃতি, বায়ু-পানীৰ লগতে জনগোষ্ঠীয় বৈচিত্ৰ্যই মানুহৰ মনবোৰ সৃষ্টিশীল তথা জীপাল কৰি ৰাখে বুলি কয় শইকীয়াই (Book released programme at Diphu) ৷

আমাৰ সমাজত মানুহক জীৱিত অৱস্থাত স্বীকৃতি নিদি মৃত্যুৰ পিছত সোঁৱৰণি গ্ৰন্থ প্ৰকাশ কৰা হয় ৷ লেখিকা সমাৰোহ সমিতিয়ে সেই পৰম্পৰাৰ পৰা আঁতৰি জীৱন কালতে অভিনন্দন গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদ্য প্ৰাক্তন সভানেত্ৰী ড৹ চাৰু চহৰীয়া নাথৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত , লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে মানুহৰ জীৱন কালত স্বীকৃতিৰ বৰ প্ৰয়োজন আৰু এনে স্বীকৃতিয়ে মানুহক কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে বুলি উল্লেখ কৰে (Released of congratulatory book)৷

অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱী হৃদয়ানন্দ শৰ্মাই সাবিত্ৰী গগৈৰ ডিফুৰ সমাজ জীৱনলৈ অৱদানৰ কথা সভাত বিস্তৃতভাৱে উল্লেখ কৰে ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী শশী প্ৰভা দেৱী, সাংগঠনিক সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া প্ৰমুখ্যে ডিফুৰ বৌদ্ধিক মহল এই গ্ৰন্থ উন্মোচন সভাত উপস্থিত থাকে ৷ ইয়াৰোপৰি লেখিকা সমাৰোহ সমিতিৰ ডিফু, বকলীয়া, ধনশিৰি আদি শাখাৰ কৰ্মকৰ্তাৰ লগতে সাবিত্ৰী গগৈৰ প্ৰাক্তন শিক্ষাৰ্থীসকল অভিনন্দন তথা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰে (Sadou Asom Lekhika Samaroh Samiti) ৷

দিপালী দত্ত, পুতু দেৱী আৰু নৈবেদ্য গগৈয়ে সভাখনিত বৰগীত আৰু জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰি সভাৰ পৰিৱেশ জীপাল কৰি তোলে ৷

লগতে পঢ়ক : Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ, পাঁচগৰাকী চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.