ETV Bharat / state

Legal Aid Defense Advocate Office : ৰাজ্যৰ 17 খন জিলাত আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা কাৰ্যালয়ৰ উদ্বোধন

author img

By

Published : Mar 25, 2023, 8:32 PM IST

Updated : Mar 25, 2023, 8:41 PM IST

ৰাজ্যৰ 17 খন জিলাত আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয়ৰ উদ্বোধন (Legal Aid Defense Advocate Office) ৷ কাৰ্বি আংলঙৰ ডিফুস্থিত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ পৰা ভাৰ্চুৱেলী মুকলি কৰা হয় আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয় ৷

Legal Aid Defense Advocate Office
ৰাজ্যৰ 17 খন জিলাত আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা কাৰ্যালয়ৰ উদ্বোধন

ডিফু, ২৫ মাৰ্চ: ৰাজ্যৰ দৰিদ্ৰ লোকসকলৰ বাবে সুখবৰ ৷ এতিয়াৰ পৰা ৰাজ্যৰ দৰিদ্ৰ লোকসকলে আইনী প্ৰক্ৰিয়াৰ বাবে দ্বাৰস্থ হ’ব পাৰিব আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয়ৰ ৷

শনিবাৰে পুৱা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পৰাই সমগ্ৰ ৰাজ্যজুৰি ভাৰ্চুৱেলী আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয়ৰ উদ্বোধন কৰা হয় (Legal Aid Defense Advocate Office)৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা অসম আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ মানস ৰঞ্জন পাঠকে ডিফুস্থিত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ পৰা আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা কাৰ্যালয়সমূহ উদ্বোধন কৰে (Legal Aid Defense Advocate Office in 17 Districts) ৷ ন্যায়াধীশগৰাকীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ পৰ্টফলীয় ন্যায়াধীশ মালাশ্ৰী নন্দী আৰু জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ৷

এই অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুয়োগৰাকী ন্যায়াধীশক উষ্ম আদৰণি জনায় ডিফু অধিবক্তা সন্থা আৰু ডিফু ন্যায়িক বিষয়া কৰ্মীসকলে ৷ জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিমে আদৰণি ভাষণ প্ৰদান কৰাৰ পিচতেই অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ লগতে এই গাম্ভীৰ্যপূৰ্ণ সভাত ন্যায়াধীশ আৰু বিভিন্ন বক্তাসকলে ভুক্তভোগীক আইনী সাহায্য প্ৰদান কৰাৰ বাবে সমগ্ৰ অসমত আইন সেৱা প্ৰাধিকৰণে কেনেদৰে বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰে তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷

উক্ত কাৰ্যসূচীৰ সমান্তৰালকৈ স্থানীয় শিল্পী সকলে নৃত্যগীত প্ৰদৰ্শন কৰি উপস্থিত থকাসকলক আপ্লুত কৰে ৷ ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ জ্যেষ্ঠ লোক অধিবক্তা দিলীপ ডেকাই সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, এই কাৰ্যালয়ৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে সকলো ব্যক্তিক আইনী পৰামৰ্শ আৰু সাহায্য প্ৰদান কৰা । ইয়াৰোপৰি জেল হাজোতত থকা ব্যক্তিসকলক জামিন লাভ কৰাত সহায় আগবঢ়োৱাৰ লগতে প্ৰয়োজন অনুসৰি গ্ৰেপ্তাৰৰ পূৰ্বৰ পৰ্যায়ত আইনী সাহায্য প্ৰদান কৰা । শনিবাৰে ডিফুৰ লগতে ৰাজ্যৰ ১৭খন জিলাৰ আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হয় (Legal Aid Defense Advocate Office in 17 Districts)।

লগতে পঢ়ক: Ripun Bora slams BJP: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ভুল কৰিছে বিজেপিয়ে: ৰিপুন বৰা

Last Updated : Mar 25, 2023, 8:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.