ডিফু, ২৯ নৱেম্বৰঃ ৰাজ্যত বৰ্তমান পৰ্যন্ত চলি আছে অবৈধ কয়লাৰ সৰবৰাহ ৷ বৃহস্পতিবাৰ নিশাৰ পৰা নামবৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ কয়লা সৰবৰাহ কৰা NL-01AA- 2404 পঞ্জীয়ন নম্বৰৰ ট্ৰাকখন চাফাপানী বীট কাৰ্যালয়ৰ সন্মুখত বেয়া হৈ পৰি থকাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷
![ডিফু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu29112019coalloadedtrucklayingbadcondition_29112019181925_2911f_1575031765_801.jpg)
অবৈধ কয়লা ছিণ্ডিকেটে বিধানসভাৰ মজিয়া কঁপাই থকাৰ সময়তে চকুৰ সন্মুখত এনেদৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক বেয়া হৈ পৰি থকা দেখি বিহিত ব্যৱস্থা নকৰাত অবৈধ ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে,ৰাজ্যত কোনো কয়লা ছিণ্ডিকেট নাই বুলি বিধানসভাৰ মজিয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দম্ভালি মৰাৰ পিছত কাৰ্বি আংলং জিলাৰ এটা বীট কাৰ্যালয়ৰ সন্মুখত অবৈধ কয়লাৰ ট্ৰাক বেয়া হৈ পৰি থকা কাৰ্যই মন্ত্ৰী গৰাকীয়ে সদনক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷
![ডিফু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu29112019coalloadedtrucklayingbadcondition_29112019181925_2911f_1575031765_278.jpg)
আৰু পঢ়কঃ প্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ