ETV Bharat / state

Drugs seized at Karbi Anglong: বোকাজানত দুই সৰবৰাহকাৰীসহ ১৮ কোটি টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Jan 8, 2023, 4:45 PM IST

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা (Crime in Karbi Anglong)। বোকাজানৰ ডিলাইত বৃহৎ পৰিমানৰ হেৰ'ইন উদ্ধাৰ । ব্ৰইলাৰ মূৰ্গী কঢ়িয়াই অনা বাহনৰ গোপন কক্ষত উদ্ধাৰ হেৰ'ইনখিনি ।

Crime in Karbi Anglong
ডিলাইত উদ্ধাৰ বৃহৎ পৰিমানৰ হেৰ'ইন
ডিলাইত উদ্ধাৰ বৃহৎ পৰিমানৰ হেৰ'ইন

ডিফু, ৮ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ আৰম্ভনিতেই কাৰ্বি আংলং আৰক্ষীয়ে দেওবাৰে পুৱা বোকাজান মহকুমাৰ ডিলাইত উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ হেৰ'ইন (Drugs seized in Karbi Angl0ng) ৷ কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে ৷ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাবে জিলাখনৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলক ড্ৰাগছ মাফিয়া সকলে নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে । এই ড্ৰাগছ মাফিয়াসকলে নিতৌ ন ন কৌশল অৱলম্বন কৰি অবৈধ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতেই শনিবাৰে ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত ।

বোকাজানৰ ডিলাইত ডিলাই আৰক্ষীৰ তালাচীত ড্ৰাগছ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ হেৰ'ইন (Huge amount of heroin recovered at Bokajan))৷ উক্ত অভিযানত ১৮ কোটি টকাৰ হে'ৰইন জব্দ কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে । আৰক্ষী সূত্ৰই উল্লেখ কৰা মতে, মণিপুৰৰ পৰা আহি থকা অৱস্থাতেই ব্ৰইলাৰ মূৰ্গী কঢ়িয়াই অনা এখন বলেৰ' পিকআপ গাড়ীৰ পৰা আৰক্ষীয়ে অতি কৌশলেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই ড্ৰাগছখিনি ।

ইপিনে,আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে বৰপেটাৰ গুলাপ খণ্ডেকাৰ আৰু চাহানুৰ মিৰ । আৰক্ষীয়ে এই অভিযানত ৩.৫ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ জব্দ কৰাৰ পিছতেই ডিলাইত উপস্থিত হৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে এই বিষয়ে সংবাদ মাধ্য়মক অৱগত কৰে ৷

উল্লেখ্য় যে যোৱা ৪ জানুৱাৰীত বকলীয়াঘাট নগৰৰ মাজমজিয়াত আৰক্ষীয়ে অভিযান চলাই গাঞ্জা আৰু নিচাযুক্ত কেপচুলসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত সিদিনা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা বকলীয়াঘাট থানাৰ সহযোগত আৰক্ষীৰ এটা দলে বকলীয়াঘাট নগৰৰ মাজমজিয়াত থকা আটিগাঁও অট'ৰিক্সা আস্থানৰ সমীপত থকা বাবুল বাৰভূঞাৰ ঘৰত তালাচী চলাই লুকুৱাই থোৱা অৱস্থাত ১০৩৮ গ্ৰাম গাঞ্জা আৰু ১০২ টা নিচাযুক্ত কেপচুল জব্দ কৰিছিল ।

আনহাতে, একেদিনাই জিলাখনৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ তালাচীত উদ্ধাৰ হৈছিল বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা ৷ সিদিনাই পুৱা ডিলাই আৰক্ষীয়ে লাহৰিজানত নাকা তালাচী চলাই দুখন মালবাহী বাহনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ২০০ কাৰ্টন বিলাতী সুৰা ৷ লগতে আৰক্ষীয়ে এই ঘটনাত জড়িত তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক:FIR Against OC n Constable: ন্যায় বিচাৰি থানলৈ যোৱা শ্বহীদ কৰ্ণেলৰ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী কনিষ্টবলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.