কাৰ্বি আংলং,৮জুন: শুক্ৰবাৰে নিশা কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পণ্ডিতঘাটত সংঘটিত হয় ভয়ংকৰ ঘটনা । নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয় এজন দুৰ্ভগীয়া পিতৃয়ে । পুত্ৰ নানকুন ধানোৱাৰে এখন চাইকেল কিনাক কেন্দ্ৰ কৰি পিতা আৰু পুত্ৰৰ মাজত প্ৰথমে কাজিয়াৰ সুত্ৰপাত হয় আৰু এই কাজিয়াই হত্যাকাণ্ডৰ ৰূপ লয় । পুত্ৰৰ উপৰ্যপৰি আক্ৰমণত আঘাতপ্ৰাপ্ত মোহন ধানোৱাৰক ততাতৈয়াকৈ হাওৰাঘাট হাস্পাতালত ভৰ্তি কৰা হয়,যদিও হাস্পাতালতেই কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পিতৃয়ে ।
ইফালে,এই ঘটনাৰ পাছতেই পিতৃক কিদৰে হত্যা কৰিলে আৰক্ষীৰ আগত সেয়া নিজ মুখে স্বীকাৰোক্তি দিলে কুলংগাৰ পুত্ৰই ।