ETV Bharat / state

Drugs seized at Karbi Anglong: কাৰ্বি আংলঙত একৈশ কোটি টকা মূল্যৰ হেৰʼইনসহ আটক ৪ সৰবৰাহকাৰী

author img

By

Published : Jan 8, 2023, 9:26 PM IST

কাৰ্বি আংলং আৰক্ষীৰ আন এক সফলতা ৷ কাৰ্বি আংলঙৰ ডিলাই আৰু বোকাজানত আৰক্ষীয়ে আজি দুটা পৃথত স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুখন বাহন জব্দ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰীক আটক কৰে(Huge amount of heroin recovered at Karbi Anglong) ।

Drugs seized at Karbi Anglong
কাৰ্বি আংলঙত একৈশ কোটি টকা মূল্যৰ হেৰʼইনসহ আটক ৪ সৰবৰাহকাৰী

ডিফু, ৮ জানুৱাৰী: কাৰ্বি আংলং আৰক্ষীয়ে দেওবাৰে দুটা পৃথক অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰʼইনসহ চাৰিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ ডিলাই আৰু বোকাজানত আৰক্ষীৰ দুটা দলে অভিযান চলাই প্ৰায় একৈশ কোটি টকা মূল্যৰ হেৰʼইনসহ দুখন বাহন জব্দ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয়(Heroin worth Rs 21 crore seized in Karbi Anglong) ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ডিলাই আৰক্ষীয়ে এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত পুৱা প্ৰায় ১০.৩০ বজাত‌ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় ৷ এই অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে মণিপুৰৰ পৰা আহি থকা এ এছ ০১ এম চি ৪৯৯৬ নম্বৰৰ বলেৰʼ পিক আপ বাহনখনত তালাচী চলাই প্ৰায় প্ৰায় ৩.৫ কিঃগ্ৰাঃ ওজন ২৮৬ টা পেকেট হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে দুটা সৰবৰাহকাৰীকো আটক কৰে(Drug peddlers held in Karbi anglong) ৷ ধৃত সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে বৰপেটাৰ গুলাপ খণ্ডেকাৰ আৰু চাহানুৰ মিৰ ।

আনহাতে, একেদিনাই বিয়লি পুনৰ আৰক্ষীয়ে বোকাজানত আন এক অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এখন বিলাসী বাহন জব্দ কৰাৰ লগতে আন দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰে জানিব পৰা মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মনৰ নেতৃত্বত তথা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বোকাজান আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সহযোগত চি আৰ পি এফ, কমাণ্ডো আৰু আৰক্ষীৰ এটা দলে বোকাজান থানাৰ অন্তৰ্গত চিচিআই অতিথিশালাৰ সন্মুখত তালাচী অভিযান চলায় ।

উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় দুই বজাত আৰক্ষীৰ দলটোৱে মণিপুৰৰ পৰা আহি থকা এএছ ০১ এএল ১৬৭৭ নম্বৰৰ স্কৰপিঅʼ বাহনত তালাচী চলাই পঞ্চাশটা পেকেটত ভৰাই অনা অৱস্থাত মুঠ ৬৫০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় তিনি কোটি টকা হ’ব বুলি জানিব পৰা হৈছে । আৰক্ষীৰ দলটোৱে দুই সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ সেনাপতি জিলাৰ তাদুবি থানাৰ অন্তৰ্গত মাখেল নিবাসী ইচাক এল (৩৬) আৰু তিনিচুকীয়া জিলাৰ মাকুম চোট হাবজান টি এষ্টেটৰ লম্বিত মৰাণ (৪৬) বুলি চিনাক্ত কৰা হৈছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে,
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ পিছতো একাংশ সৰবৰাহকাৰীয়ে জিলাখনৰ মাজেৰে উদ্বেগজনক হাৰত নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Supari seized in Raha: চাপৰমুখত সৰবৰাহকাৰীসহ জব্দ চোৰাং চুপাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.