ETV Bharat / state

ডিফুত হস্ত তাঁত বস্ত্ৰশিল্প দিৱস উদযাপন - শিপিনী

আন ঠাইৰ লগতে কাৰ্বি আংলঙতো ষষ্ঠ হস্ত তাঁত বস্ত্ৰশিল্প দিৱস উদযাপন ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং। এই অনুষ্ঠানত বহু শিপিনীক সন্মান প্ৰদান কৰা হয়।

hand loom & textile day observed at diphu

author img

By

Published : Aug 8, 2020, 3:14 AM IST

ডিফু, ৭ আগষ্ট : কার্বি আংলং জিলাৰ হস্ত তাঁত বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত ষষ্ঠ হস্ত তাঁত দিৱস অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং। সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সাংসদ হৰেণছিং বে’।

hand loom & textile day observed at diphu
ডিফুত হস্ত তাঁত বস্ত্ৰশিল্প দিৱস উদযাপন

মুখ্য অতিথিৰ ভাষণত ৰংহাঙে কয় যে দেশৰ প্রথমখন হস্ত তাঁত দিৱস ২০১৫ চনত প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ উদ্যোগত চেন্নাইত অনুষ্ঠিত হৈছিল। দেশৰ বয়ন শিল্প আৰু শিপিনীসকলক সন্মান প্রদর্শনৰ বাবে এই দিৱসৰ আয়ােজন কৰা হৈছিল ৷ সামাজিক-অর্থনৈতিক বিকাশত এই উদ্যোগৰ যথেষ্ট অৰিহণা আছে বুলিও ৰংহাঙে মন্তব্য কৰে।

কাৰ্বি আংলঙত ষষ্ঠ হস্ত তাঁত বস্ত্ৰশিল্প দিৱস উদযাপন

তেওঁ আৰু কয় যে, কার্বি আংলং জিলাত হস্ত তাঁত আৰু বয়ন শিল্প সংৰক্ষণৰ বাবে প্রতিটো সমষ্টিতে এটাকৈ সমূহীয়া ভৱন স্থাপন কৰা হ’ব। এই অনুষ্ঠানত বহু শিপিনীক সন্মান প্ৰদান কৰা হয়। এই কার্যসূচীত বিভাগটোৰ কার্যবাহী সদস্য ৰতন টেৰণে সভাপতিত্ব কৰে ৷

লগতে পঢ়ক : লক ডাউনে কঁকাল ভাঙিছে উত্তৰ-পূৰ্বাঞ্চলৰ মানচেষ্টাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.