ETV Bharat / state

Picnic Party Accident Manja : কাৰ্বি আংলঙত বনভোজ দল দুৰ্ঘটনাগ্ৰস্ত, নিহত এজন

author img

By

Published : Jan 22, 2023, 8:11 PM IST

একেলগে এসাঁজ খাবলৈ বুলি মনোৰম পৰিৱেশৰ সন্ধানত যোৱা এটা বনভোজৰ দল শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হ’ল ৷ বনভোজস্থলীত উপস্থিত হোৱাৰ সংঘটিত দুৰ্ঘটনাটোত এজন লোক প্ৰাণ হেৰুওৱাৰ লগতে আন 18 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ কাৰ্বি আংলঙত সংঘটিত হয় এই শোকাৱহ ঘটনা (Picnic party accident in Karbi Anglong)৷

Picnic Party Accident Manja
কাৰ্বি আংলঙত বনভোজ দল দুৰ্ঘটনাগ্ৰস্ত

কাৰ্বি আংলঙত বনভোজ দল দুৰ্ঘটনাগ্ৰস্ত

ডিফু, ২২ জানুৱাৰী : আকৌ বনভোজৰ বতৰত ঘটিল অঘটন ৷ দেওবাৰে মৰিগাঁৱৰ পৰা বনভোজ খাবলৈ অহা এটা বনভোজকাৰী দলৰ এজন নিহত হোৱাৰ লগতে আহত হ’ল 14 গৰাকী বনভোজ যাত্ৰী (Picnic party accident in Karbi Anglong)৷ মাঞ্জাৰ সমীপৰ মায়াবী প্ৰকৃতিৰ মাজৰ লাংভকু জলপ্ৰপাতৰ(Langvoku Waterfall) মনোৰম পৰিৱেশ উপভোগ কৰিবলৈ মাত্ৰ পাঁচ মিনিট সময় বাকী থকাৰ সময়ত সংঘটিত হ’ল শোকাবহ পথ দুৰ্ঘটনাটো ৷

অসম চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰিবলে পথ সুৰক্ষা অভিযান অভিযান অব্যাহত ৰখাৰ লগতে যান-বাহন সংক্ৰান্তীয় কঠোৰ আইন প্ৰণয়ণ কৰাৰ পিচতো ৰাজ্যত সংঘটিত হৈ আছে ইটোৰ পিচত সিটো শোকাৱহ পথ দুৰ্ঘটনা ৷ বিশেষকৈ বনভোজৰ বতৰত অবাঞ্ছিত দুৰ্ঘটনাসমূহ ৰোধ কৰিবলৈ যান-বাহন চালকসকলৰ বাবে জিলা পৰিবহন বিভাগ আৰু পথ সুৰক্ষা সমিতিয়ে বান্ধি দিছে কেতবোৰ নিয়ম ৷ তাৰ মাজতে দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাঞ্জাৰ সমীপৰ লাংভকু বনভোজ থলীৰ ওচৰত সংঘটিত ভয়াবহ দুৰ্ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, মৰিগাওঁ জিলাৰ পৰা মাঞ্জাৰ লাংভকুত বনভোজ খাবলৈ অহা ১৫ জনীয়া দল কঢ়িয়াই অনা AS 21 C 1376 উইংগাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্থ হৈছে ৷ দুৰ্ঘটনাৰ পিচত বাহনখন মূল ৰাস্তাৰ পৰা বাগৰি দ' খাৱৈত পৰি যায় ৷ ফলত বনভোজ খাবলৈ অহা দলটোক মাঞ্জাৰ পৰা গাইড কৰি নিয়া ৰাকেশ ক্ৰ' নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে আন ১৪ জন লোক কম-বেছি পৰিমানে আহত হয় (Road accident in Karbi Anglong)৷

কোনো বনভোজকাৰীয়ে মূৰত, কোনোৱে বুকুত আৰু আন কোনোৱে পিঠিত ভৰিত গুৰুতৰভাবে আহত হৈছে বুলি জানিব পৰা গৈছে৷ বাহনখনত থকা বনভোজ দলৰ সদস্য তথা যাত্ৰীয়ে বাহনখনৰ ব্ৰেক ফেইল হোৱাৰ বাবেই চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

দুৰ্ঘটনাত পতিত উইংগাৰ গাড়ীখনত থকা আটাইকেইগৰাকী যাত্ৰী কম বেছি পৰিমানে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ আহত যাত্ৰীসকলক মাঞ্জা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত তৎপৰতাৰে উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে ৷ একাংশ যাত্ৰীক মাঞ্জা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে সংকটজনক অৱস্থাত থকাসকলক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ(Diphu Medical College) প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Negligence of APDCL: কলগাছিয়াত বিদ্যুতৰ বিল দেখি হতভম্ব গ্ৰাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.