ETV Bharat / state

চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰী

এটা নৈশ চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰীৰ অৰ্হতা ৷ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ একাংশ সদস্যৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

author img

By

Published : Aug 8, 2019, 3:51 AM IST

চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰী

কাৰ্বি আংলং, 8 আগষ্ট : কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ একাংশ সদস্যৰ বিৰুদ্ধে মইমতালিৰে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ ৷ এটা নৈশ চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰীৰ অৰ্হতা ৷ ইয়াকে লৈ এক নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰ'ৰ বিৰুদ্ধে অভিযোগ ৰাতুল শৰ্মা নামৰ এজন যুৱকৰ ৷ ৰাতুল শৰ্মা নামৰ এই যুৱকজনৰ পিতৃ ৰতন কুমাৰ শৰ্মা চিনানী ধৰ্মেশ্বৰ ইংলেঙ মেম'ৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ত নৈশ‍ চকীদাৰ হিচাপে কৰ্মৰত আছিল ৷ 2016 বৰ্ষত ৰতন কুমাৰ শৰ্মাৰ আকস্মিক মৃত্যু হোৱাত পুত্ৰ ৰাতুল শৰ্মাই পিতৃৰ স্থানত চাকৰিৰ বাবে এক আবেদন জনায় । ইতিমধ্যে, উক্ত আবেদনকাৰীক নিযুক্তি দিবলৈ স্থানীয় বিধায়ক মানছিং ৰংপিৰ লগতে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুমতি প্ৰদান কৰিছে ৷ কিন্তু সেই পদত নিযুক্তি দিয়াত এক নং দুৱাৰ আমলা পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তায়ে বাধা দিয়াৰ অভিযোগ ৷ যুৱকজনক আজিকোপতি স্থায়ী প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ লগতে নৈশ চকীদাৰ পদৰ বাবে বি এ পাছ কৰা অৰ্হতা থাকিব লাগিব বুলি কোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে পাবলগীয়া চাকৰিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৷

Intro:Body:STORY = BAITHALANGSO QUALIFICATION FOR SCHOOL NIGHT CHOKIDAR POST MUST BE (B.A.) PASS.

ANCHOR = যিটো সময়ত শিক্ষা বিভাগত এটা চৰকাৰী চাকৰিৰ বাবে টেট,নেট বি এড দৰে ডিপ্লোমা বিচৰা হৈছে সেই সময়তে এইবাৰ কাৰ্বি পৰিষদে এটা নৈশ চকীদাৰৰ বাবে বিচাৰিছে বি এ ৰ অৰ্হতা ৷যাৰবাবে এতিয়া দৰিদ্ৰ পৰিয়াল এটায়ে হাবাথুৰি কৰিবলগীয়া হৈছে পশ্চিম কাৰ্বি আংলঙ'ত৷

V/O = হয় কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ একাংশ সদস্য মইমতালিৰে ক্ষমতাৰ অপব্যৱহাৰ ৷ ফলত হাবাথুৰি কৰিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়াল ৷ এক নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰ'ৰ বিৰুদ্ধে এই অভিযোগ এজন দৰিদ্ৰ নিচলা লোকৰ। ৰাতুল শৰ্মাৰ নামৰ এইজন লোকে আনিছে এই গুৰুতৰ অভিযোগ। ৰাতুল শৰ্মা এই যুৱকজনৰ পিতৃ ৰতন কুমাৰ শৰ্মা চিনানী ধৰ্মেশ্বৰ ইংলেঙ মেমৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ত নৈশ‍ চকীদাৰ হিচাপে এজন কৰ্মচাৰী আছিল যদিও ২০১৬ বৰ্ষত ৰতন কুমাৰ শৰ্মাৰ আকস্মিক মৃত্যু হোৱাত পুত্ৰ ৰাতুল শৰ্মায়ে দেউতাকৰ স্থানত চাকৰিৰ বাবে এক আবেদন জনায়।ইতিমধ্যে উক্ত আবেদনকাৰীক নিযুক্তি দিবলৈ স্থানীয় বিধায়ক ডাক্তৰ মানছিং ৰংপিৰ কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুমতি প্ৰদান কৰিছে যদিও সেই পদত এক নং দুৱাৰ আমলা পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰ' নিজৰ সম্বন্ধীয় লোকক নিযুক্তি দিবলৈ যুৱকজনক বঞ্চিত কৰিবলৈ হেঙাৰ হিচাপে থিয় দিছে৷ যাৰ ফলত যুবকজনক আজিকোপতি স্থায়ী প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ লগতে নৈশ চকীদাৰ পদৰ বাবে বি এ পাছ কৰা অৰ্হতা থাকিব লাগিব বুলি কোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে পাবলগীয়া চকীদাৰ চাকৰিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে৷ ক্ষমতাৰ অপব্যৱহাৰ কৰা এক নং দুৱাৰ আমলা পৰিষদৰ সদস্যজনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে৷

BYTE = ৰাতুল শৰ্মা

Rekibur Rahman
ETV Bharat
West Karbi anglongConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.