ETV Bharat / state

Governor Gulab Chand Kataria: এদিনীয়া ভ্ৰমণসূচীৰে ডিফুত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া - Governor Gulab Chand Kataria in Diphu

ডিফুত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । এদিনীয়া ভ্ৰপমণসূচীৰে ডিফুত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক উষ্ম আদৰণি জনাই টীম কাৰ্বি আংলঙে । ডিফুত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত ।

Governor Gulab Chand Kataria visit to Diphu
এদিনীয়া ভ্ৰমণসূচীৰে ডিফুত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া
author img

By

Published : Aug 17, 2023, 2:05 PM IST

ডিফু, ১৭ আগষ্ট: বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ গুৱাহাটীৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উজনিমুৱা জন শতাব্দী ৰে'লৰে পুৱা ১০ মান বজাত ডিফু ৰে'ল ষ্টেচনত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ ডিফু ৰে'ল ষ্টেচনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে' বিধায়কদ্বয় দ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙে উষ্ম আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক ৷

ইয়াৰ পিছত ডিফু ৰে'লৱে চৌহদত আৰক্ষী প্ৰশাসনে প্ৰদৰ্শন কৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে ৷ ইয়াৰ পিছতে পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ক্ৰমে, ৰাজ্যপালগৰাকীয়ে ডিফুত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আইন-শৃংখলাৰ এখন বৈঠকত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সাংসদ, বিধায়ক আৰু পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া কৰ্মীৰ সৈতে চৰকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পিছত ৰাজ্যপালগৰাকীয়ে পৰিষদৰ গেষ্ট হাউছত জিৰণি লোৱাৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় । ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালে বৰ্তমান সময়ত যি চিকিৎসা সেৱা আগবঢ়াই আহিছে তাক প্ৰশংসা কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । ইয়াৰোপৰি ৰাজ্যপালগৰাকী ডিফুত উপস্থিত হৈ, ডিফুৰ পৰিৱেশ উপভোগ কৰি আপ্লুত হৈ পৰে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Dead body recovered: 24 ঘন্টাৰ ভিতৰত গুৱাহাটীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.