গুৱাহাটী, 24 মে’: অসমৰ স্বাভিমান গামোছা দিঙিত লৈ খিতাপ দখল কৰি শুকুৰবাৰে মাতৃভূমি অসমত উপস্থিত হয় গোলাপ ৰাভা । ১৭ মে’ ৰ পৰা ২০ মে’ লৈ সুদূৰ ইউৰোপত অনুষ্ঠিত হোৱা ‘‘PRO World Cup 2019’’ আৰু ‘‘Amberprix International’’ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল অসম সন্তান গোলাপ ৰাভাই । প্ৰায় ৫০ জনৰো অধিক খেলুৱৈক পৰাজিত কৰি বিশ্বৰ আগত অসমৰ লগতে ভাৰতৰ নাম বিশ্বৰ দৰবাৰত উজলাবলৈ সক্ষম এই শৰীৰ চৰ্চা বিধ খেলুৱৈগৰাকীয়ে ৷
ইয়াৰ পূৰ্বে গোলাপ ৰাভাই ২০১৭ আৰু ২০১৮ ৰ ‘‘মিষ্টাৰ ইণ্ডিয়া’’ খিতাপ, ‘‘মিষ্টাৰ এছিয়া ২০১৮’’ ৰ খিতাপৰ লগতে WFF-WBBF য়ে আয়োজন কৰা Mr.World ৰ খিতাপও দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইউৰোপত বিজয় সাব্যস্ত কৰি অসমত উপস্থিত হোৱাত বিমানবন্দৰত পত্নীৰ লগতে শুভকাংশীয়ে উষ্ম আদৰণী জনায় খেলুৱৈগৰাকীক ৷ এই সাফল্যত যথেষ্ট সুখী বুলি প্ৰকাশ কৰাৰ লগতে অসমবাসীক ধন্যবাদ জনায় গোলাপ ৰাভাই ।