ডিফু, 27 মে': কাৰ্বি আংলং জিলাৰ মাঞ্জাত বুধবাৰে নিশা আৰক্ষীয়ে 22 টাকৈ সন্দেহযুক্ত চুৰি চিলিণ্ডাৰ উদ্ধাৰ কৰে ৷ কাৰ্বি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ষ্টাফৰ সহযোগত মাঞ্জাত গোপন সূত্ৰৰ ভিত্তিত তালাচী চলায় ৷ তালাচী সময়ত আৰক্ষীয়ে এন এল 01 এন 8860 নম্বৰৰ এখন 12 চকীয়া ট্ৰাকত থকা চিমেণ্টৰ বেগৰ তলত সোমোৱাই ৰখা অৱস্থাত 22 টাকৈ খালী চিলিণ্ডাৰ উদ্ধাৰ কৰে ৷
আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ফণীধৰ বৰাৰ পুত্ৰ দিব্যজ্যোতি বৰা (31)ক আটক কৰে ৷ আৰক্ষীৰ ওচৰত দিব্যজ্যোতিয়ে খালী চিলিণ্ডাৰখিনিৰ কোনো নিৰ্ভৰযোগ্য নথিপত্ৰ দেখুৱাব নোৱাৰিলে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ কৰে ৷ ইফালে আৰক্ষীয়ে উদ্ধাৰ হোৱা চিলিণ্ডাৰকেইটা চুৰি চিলিণ্ডাৰ হ’ব পাৰে বুলি সন্দেহ কৰিছে ৷ লগতে চিলিণ্ডাৰসমূহ অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনা সন্দৰ্ভত মাঞ্জা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 379/411/34,26/2021 নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : আৰ্থিক অনাটনে আত্মহত্যালৈ ঠেলিলে নৱ দম্পতীক