ডিফু,১০ মাৰ্চ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া দুই পাহাৰীয়া জিলাৰ মুঠ চাৰিজন প্ৰাৰ্থীয়ে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । ইয়াৰে বিজেপি দলৰ দুগৰাকী, এএছডিচিৰ এগৰাকী আৰু এপিএইচএলচিৰ এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ।
সেই অনুসৰি বোকাজানৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বোকাজান সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ডাঃ নোমল মমিনে । শতাধিক দলীয় সমৰ্থক লগত লৈ প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । বিজেপি দলৰ প্ৰাৰ্থী ডাঃ নোমল মমিনে মনোনয়ন দাখিল কৰাৰ সময়ত বিজেপি দলৰ সমৰ্থকসকলে গায়ন-বায়ন, বিহু নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য পৰিৱেশন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । মনোনয়ন দাখিলৰ সময়ত সাংসদ হৰেণছিং বে’, জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্যসকলে ডাঃ মমিনক সংগ দিয়ে ।
আনহাতে, বৈঠালাংছ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপছিং টেৰণেও বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰাৰ্থী গৰাকীৰ মনোনয়ন দাখিল সময়ত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷
তদুপৰি বুধবাৰে ডিফুত এএছডিচি দলৰ ডিফু সমষ্টিৰ প্ৰাৰ্থী হেমছিং তিচ’ আৰু এপিএইচএলচি-ৰ বোকাজানৰ প্ৰাৰ্থী ছেমচন টেৰণেও মনোনয়ন দাখিল কৰে । এএছডিচি দলৰ প্ৰাৰ্থী তথা পূৰ্বৰ বিধায়ক হেমচিং তিচ’য়ে সাংবাদিকৰে আগত এএছডিচিয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব বুলি মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা