ডিফু, ১৭ মে' : শেহতীয়াকৈ চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ টা বিদ্ৰোহী সংগঠনৰ আন এক গুৰুত্বপূৰ্ণ দাবী । চৰকাৰৰ ওচৰত ৰাজনৈতিক সংস্থাপনৰ দাবী জনাইছে সংগঠনকেইটাই । আহি থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) সংগঠনটোৰ প্ৰাক্তন সদস্যক বিজেপিৰ ফালৰ পৰা টিকট প্ৰদানৰ দাবী জনাইছে সংগঠনকেইটাই (Former militant leader demands ticket)। এই সন্দৰ্ভত মঙলবাৰে সংগঠনকেইটাই ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ।
প্ৰাক্তন উগ্ৰপন্থী সংগঠন কেইটাৰ উমৈহতীয়া মঞ্চ কাৰ্বি আংলং ইউনাইটেড ৰিভ'লেশ্যনেৰী ফ'ৰামে এই সংবাদমেল সম্বোধন কৰে । উমৈহতীয়া মঞ্চই দাবী - মতে ৬ টা সংগঠনৰ প্ৰাক্তন নেতাক পৰিষদৰ ৬ টাকৈ সমষ্টিৰ টিকট প্ৰদান কৰিব লাগে । উল্লেখ্য যে শান্তি চুক্তিলৈ অহা সংগঠনকেইটা হৈছে ক্ৰমে কেএনএলএফ, কেপিএলটিৰ তিনিটা গোট, পিডিচিকে আৰু ইউপিএলএফ ।
সংবাদমেলত সদৰি কৰা অনুসৰি পৰিষদৰ দুৱাৰবাগৰী সমষ্টিৰ পৰা পি দিলি, নিলিপ সমষ্টিৰ পৰা বিনাৰচন চিংনাৰ, লাংফেৰ সমষ্টিৰ পৰা লংকি বে, বৰজান সমষ্টিৰ পৰা ৰিছ' টকবি, হাওৰাঘাট আৰু কৰকান্ঠি সমষ্টিৰ পৰা ৰেজাক ডেৰা আৰু ফুলনি সমষ্টিৰ পৰা থং টেৰণে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে ।
সেয়েহে এই সমষ্টি কেইটাত প্ৰাক্তন উগ্ৰপন্থী নেতাসকলক দলীয় টিকট প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই কাৰ্বি আংলং ইউনাইটেড ৰিভ'লেশ্যনেৰী ফ'ৰামে (Demand of Karbi Anglong United Revolutionary Forum)। টিকট প্ৰদান কৰি শান্তিৰ পথলৈ ঘূৰি অহা সংগঠনৰ প্ৰাক্তন নেতাসকলক ৰাজনৈতিক সংস্থাপন প্ৰদানৰো দাবী জনায় ফ'ৰামে । অৱশ্যে বিজেপি দলে টিকট প্ৰদান কৰে নে নকৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷
লগতে পঢ়ক :সাধাৰণ কৰ্মীৰ পৰা প্ৰাক্তন উগ্ৰপন্থীলৈ সকলোকে লাগে বিজেপিৰ টিকট