ডিফু,14 ফেব্ৰুৱাৰীঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত ভয়ংকৰ অগ্নিকাণ্ড ৷ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত এই অগ্নিকাণ্ডত ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান বজাৰত শুকুৰবাৰে দিনৰ প্ৰায় 1 বজাত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জুইৰ লেলিহান শিখাই নিমিষতে সমগ্ৰ অঞ্চলটো আগুৰি ধৰাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ এই অগ্নিকাণ্ডত দহটাকৈ ভাড়াঘৰ জুইত সম্পূৰ্ণৰূপে জাহ যায় ৷
আনহাতে ঘটনাস্থলীত খটখটি আৰক্ষীৰ অন্তৰ্গত বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন তথা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহনে বহু সময় চেষ্টা কৰাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে লাহৰিজানৰ কাৰাগাঁৱস্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ মাটিত অবৈধৱভাবে নিৰ্মাণ কৰা উক্ত ভাড়াঘৰকেইটাৰ কোনো এটা ভাড়াঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটা বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়াৰ লগতে বহু লক্ষাধিক টকাৰ সা-সম্পত্তিও জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে ।
আৰু পঢ়কঃওদালগুৰি জিলাৰ ওৰাঙত অগ্নিকাণ্ড