ডিফু, ২৭ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ বোকাজান নগৰৰ ৬ নং ৱাৰ্ডৰ শুকানজান অঞ্চলৰ জ্যোতিনগৰত শনিবাৰে পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বাবুল দত্ত নামৰ মালিকাধীন ব্যক্তিগৰাকীৰ ঘৰত পাঁচটাকৈ ভাড়াঘৰ জুইত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ।
চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । পৰৱৰ্তী সময়ত বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ভাড়াতীয়া হিচাপে থকা লোকসকলৰ প্ৰায় ২ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !