ডিফু, ২৩ আগষ্টঃ শনিবাৰে নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড । বোকাজান মহকুমাৰ সৰিয়হজানত ৩ খনকৈ দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । তিনিখন দোকানৰ ভিতৰত এখন হোটেল, এখন গেলামাল দোকান আৰু এখন টেণ্ট হাউচ আছিল ।
উল্লেখযোগ্য যে, দোকান কেইখনৰ প্ৰায় ২০ লাখ টকাৰ সা-সামগ্ৰী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি জানিব পৰা গৈছে । জুইৰ সূত্ৰপাত ক’ৰ পৰা হৈছিল এতিয়ালৈ জানিব পৰা হোৱা নাই । বোকাজান আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃ ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ