ETV Bharat / state

Feliciation programme by AASU : কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফু আঞ্চলিক ছাত্ৰ সন্থাই জনায় বিশেষভাৱে সম্বৰ্ধনা ৷ 90 গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ডিফু আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Feliciation programme by AASU
ডিফুত কৃতী শিক্ষাৰ্থীক আছুৰ সম্বৰ্ধনা
author img

By

Published : Jun 26, 2023, 7:45 AM IST

কৃতী শিক্ষাৰ্থীক আছুৰ সম্বৰ্ধনা

ডিফু, 26 জুন: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডিফু ক্লাৱত দেওবাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংছন আৰু ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱা প্ৰায় 90 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ডিফু আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ শিক্ষাৰ্থীসকলক কাৰবি পহ', অভিনন্দন পত্ৰ, এজোপাকৈ গছপুলি আগবঢ়োৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত অতিথি, আছুৰ বিষয়ববীয়াৰ লগতে সংবাদক্ষেত্ৰৰ সৈতে জড়িত লোকসকলকো কাৰবি পহ' আৰু মমেণ্ট'ৰে সম্বৰ্ধনা জনোৱা হয় ৷

Feliciation programme by AASU
কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

অনুষ্ঠানটোত উপস্থিত থাকি ডিফু কলা কেন্দ্ৰৰ সভাপতি দিলীপ দাসে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীৰ লগতে অকৃতকাৰ্য শিক্ষাৰ্থীৰো মনোবল বৃদ্ধিৰ বাবে আছুৱে উদ্যোগ ল’ব লাগে বুলি কয় ৷ গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি বিদ্যা তিচ'ৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা ভাল কৰিবলৈ আছুকে ধৰি কেএছএও বিশেষ শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰিব লাগে বুলি কয় ৷

Feliciation programme by AASU
কৃতী শিক্ষাৰ্থীক আছুৰ সম্বৰ্ধনা

আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চৰ্জোন হাঞ্চেই প্ৰতিবছৰৰ দৰে আছুৱে এই বছৰো ডিফু ক্লাৱত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ লগতে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিতত ইংৰাজী ভাষা প্ৰয়োগৰ সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

অভিনন্দন অনুষ্ঠানটোত আছুৰ কেন্দ্ৰীয় সমিতি, ডিফু কলা কেন্দ্ৰৰ লগতে গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Tinsukia lottery scam: তিনিচুকীয়াৰ লটাৰী প্ৰৱঞ্চনাৰ সৈতে জড়িত দুই সাংবাদিকক গ্ৰেপ্তাৰ; এতিয়াও পলাতক মাষ্টাৰমাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.