ডিফু, 25 ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনিত প্ৰথম পৰ্যায়ৰ পিছত প্ৰশাসনে পুনৰ চলালে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ৷ উচ্ছেদক কেন্দ্ৰ কৰি লাহৰিজানত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ।
উল্লেখ্য যে, যোৱা ২০ ডিচেম্বৰত লাহৰিজানৰ দুদু কলনিত প্ৰথম পৰ্যায়ৰ উচ্ছেদ চলিছিল (Eviction in Laharijan)। ইয়াৰ পাছতে শুকুৰবাৰে পুনৰ সেই স্থানত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে । প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ অভিযানত একাংশ লোকে প্ৰশাসনৰ লোকৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় ।
উচ্ছেদিত লোকসকলে হাতে হাতে বিভিন্ন নথি-পত্ৰ, বেনাৰ, ফেষ্টুন আদি লৈ প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Evicted people protest against government in Karbi Anglong) ।
জানিব পৰা মতে, কাৰ্বি আংলং ৰাজহ চক্ৰৰ বৰজান মৌজাৰ অন্তৰ্গত মুঠ ১১ টা দাগত প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মতে চৰকাৰী ভূমি বেদখল কৰি দুদু কলনিত একাংশ বেদখলকাৰীয়ে অবৈধভাৱে সাজিছিল বাসগৃহ ৷
লগতে পঢ়ক : Eviction in Assam Nagaland Border : অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান