ডিফু,১ আগষ্টঃ মহামাৰী ক’ৰণাৰ বাবেই এই বছৰ বিহু,ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰথমটো উৎসৱ ঈদ-উল ফিটৰৰ আনন্দ-উলাহৰ ঢৌ ম্লান পৰাৰ পিছত শনিবাৰে দ্বিতীয়টো উৎসৱ ঈদ-উদ-জোহাৰ আনন্দ ম্লান পৰা দেখা গ’ল ৷ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ঈদৰ আনন্দ - উল্লাহ অবিহনেই অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উদ-জোহা ৷ এই বেলি ঈদ বুলি পূৰ্বৰ দৰে মানুহৰ মাজত পৰিলক্ষিত নহ'ল কোনো আনন্দ উল্লাহ ৷
পাহাৰীয়া জিলাখনৰ সদৰ চহৰত ডিফু মছজিদতো জনসাধাৰণৰ সমাগম আছিল তেনেই নগণ্য ৷ চহৰখনত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিজৰ ঘৰতেই ৪-৫ জনীয়া ক্ষুদ্ৰ জামাতত ঈদৰ দুই ৰাকাত ওৱাজিব নামাজ আদায় কৰি ঈদৰ সৌজন্যতা ৰক্ষা কৰে ৷ ইয়াৰোপৰি প্ৰতিবছৰৰ দৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ পিছত ক’ৰণা মহামাৰীৰ প্ৰট'কল মানি কোনো ধৰণৰ স্নেহালিংগন কৰাও পৰিলক্ষিত নহ'ল ৷
![eid-ul-adha-celebrated-without-any-exessive-solemnity-in-diphu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu01082020eiduladhacelebratedwithoutanyexessivesolemnityindiphu_01082020174304_0108f_1596283984_832.jpg)
আনহাতে ঈদৰ বাবে বজাৰ-সমাৰতো নাছিল কোনো ধৰণৰ ব্যস্ততা ৷ উল্লেখযোগ্য যে,জিলাখনত শেহতীয়াকৈ কৰ’ণাত আক্ৰান্তৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত ডিফু মছজিদ কমিটিয়েও ঈদ-উদ-জোহা পালন কৰাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বান্ধি দিছিল ক’ৰণাৰ নিৰ্দ্ধাৰিত প্ৰট'কল অনুযায়ী কঠোৰ নিয়ম ৷
লগতে পঢ়কঃ ঈদৰ নামাজ আদায়ৰ পিছতে হাগ্ৰামাৰ বিস্ফোৰণ