ETV Bharat / state

Drugs seized : বোকাজানত প্ৰায় ১০ কোটি টকাৰ ড্ৰাগছ জব্দ - Drugs peddler arrested in Karbi Anglong

বোকাজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Drugs seized in Bokajan)। এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১০ কোটি টকাৰ ড্ৰাগছ । অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Drugs seized
বোকাজানত প্ৰায় ১০ কোটি টকাৰ ড্ৰাগছ জব্দ
author img

By

Published : Apr 13, 2023, 3:42 PM IST

বোকাজানত প্ৰায় ১০ কোটি টকাৰ ড্ৰাগছ জব্দ

ডিফু, ১২ এপ্ৰিল : ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে (Drugs smuggling in Assam)। দুষ্টচক্ৰই বিভিন্ন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । তেনে এক অভিযানৰ মাজতে কাৰ্বি আংলঙত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ । জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১০ কোটি টকা হ'ব বুলি আৰক্ষীয়ে জনাইছে (Drugs seized in Karbi Anglong)।

উল্লেখ্য যে, কাৰ্বি আংলঙৰ সীমান্তত নিচাজাতীয় টেবলেট, গাঞ্জা আৰু ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে । বোকাজান আৰক্ষীয়ে ধাৰাবাহিকভাৱে সীমান্তৰ বিভিন্ন স্থানত অভিযান চলাই আছে । কিন্তু অসম-নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান, খটখটী, বৰপথাৰ খাকৰাজান, ডিলাই আদিত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ কৌশলক ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে বোকাজান আৰক্ষী । সৰবৰাহকাৰীয়ে কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও আৰক্ষীয়ে নিতৌ অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে পুনৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী চকীৰ খাকৰাজান তালাচীত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰীক (Drugs peddler arrested in Karbi Anglong)। জব্দ হোৱা ড্ৰাগছখিনি ১৪০ টা চাবোনৰ বাকচত লুকুৱাই অনাৰ প্ৰয়াস কৰিছিল দুষ্টচক্ৰই ।

ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে জনোৱা মতে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ট্ৰাকত গোপনে সৰবৰাহৰ চেষ্টা কৰা হৈছিল ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ লগতে আৰক্ষীয়ে যোগীঘোপাৰ ৰফিকুল ইছলাম নামৰ এজনক আটক কৰিছে । অধিক তথ্যৰ বাবে ধৃত লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Cow Smuggler detained: গৰু সৰবৰাহকাৰীসহ তিনিখন বিলাসী বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.