ডিফু, ২৬ অক্টোবৰ: নাগালেণ্ড সীমান্তৰে সংলগ্ন হৈ থকা কাৰ্বি আংলং জিলাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই ব্যাপক হাৰত অবৈধভাৱে ড্ৰাগছৰ সৰবৰাহৰ বাবে চেষ্টা অব্যাহত ৰখাৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান বাহাল ৰাখিছে কাৰ্বি আংলং জিলা আৰক্ষীয়ে(Assam police anti corruption movement) । এনে এক অভিযানৰ সময়তে বুধবাৰে সন্ধিয়া কাৰ্বি আংলং জিলা আৰক্ষীয়ে দুখন বিলাসী বাহনত সৰবৰাহ কৰি অনা অৱস্থাত বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰে(Drugs Seized In Karbi Anglong) ৷
আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত চাৰিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ডিলাই থানাৰ অন্তৰ্গত ডিলাই তিনিআলিত আৰক্ষীয়ে এক বিশেষ তালাচী অভিযান চলায় । উক্ত অভিযানৰ সময়তে আৰক্ষীৰ দলটোৱে এন এল-০১-চি এ-০১৯৪ নম্বৰৰ এখন ইনʼভা টয়'টা আৰু এএছ-০১-এ ই-৯২০৭ নম্বৰৰ এখন মাৰুতি ৮০০ বাহনত তালাচী চলায় ৷
আৰক্ষীয়ে তালাচীৰ সময়ত বাহনখনৰ ডিকিত এয়াৰবেগত লুকুৱাই অনা অৱস্থাত এশটা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ১২৬৩.২৪ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় দহ কোটি টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে । আৰক্ষীয়ে বাহন দুখনৰ পৰা নগদ ৭৫,০০০ টকা আৰু সাতটা মোবাইল ফোনো জব্দ কৰিছে ।
আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকা অভিযোগত চাৰিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ সেনাপতি জিলাৰ তাডুবি শ্বাহজৌবাৰ ডেনিয়েল কিথাৰী(৩৩), মাওৰ কাপানী এছ (২২), কাছাৰ জিলাৰ বৰা বুৰিয়াবাইলৰ চাহজান আহমেদ বাৰভূঞা (৩৬) আৰু বিহাৰৰ মুজাফৰপুৰ জিলাৰ বচটপুৰ নিবাসী চাহাবিৰ আলি (৫৭) বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাথমিক তদন্তত জব্দ হোৱা হেৰʼইনখিনি ডিমাপুৰৰ পৰা নগাঁও অভিমুখে নি থকা হৈছিল বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীকেইটাৰ ওপৰত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: Drugs seized in Doboka: ডবকাত জব্দ কেইবা কোটি টকা মূল্যৰ হেৰ’ইন