ETV Bharat / state

চিলনীজানত আৰক্ষীৰ জালত হেৰ'ইনসহ এজন - আৰক্ষী

বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত চিলনীজানত আৰক্ষীয়ে অভিযান চলাই হেৰ'ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে নগদ ২৫০০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ।

drugs-seized-at-bokajan-by-police
চিলনীজানত আৰক্ষীৰ জালত হেৰ'ইনসহ এজন
author img

By

Published : Aug 22, 2021, 9:53 PM IST

ডিফু, ২১ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলঙতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ তাৰমাজতে দেওবাৰে জিলাখনৰ বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত চিলনীজানত আৰক্ষীয়ে অভিযান চলাই হেৰ'ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

drugs-seized-at-bokajan-by-police
চিলনীজানত আৰক্ষীৰ জালত হেৰ'ইনসহ এজন

লগতে পঢ়ক : তলা-চাবি এৰি হাতত পদুম তুলি ল’ব ফণীধৰ তালুকদাৰে

বিশেষ সূত্ৰৰ পমখেদি দেওবাৰে বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷

চিলনীজানত অভিযান চলাই প্ৰকাশ শৰ্মা (৩২) নামৰ যুৱকজনৰ জিম্মাৰ পৰা ১১ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ইয়াৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে নগদ ২৫০০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ।

ৰাজ্যত মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে ড৹ হিমন্ত বিশ্ব শমাই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছিল ৷

আৰক্ষীয়ে অভিযান চলাই কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত বহু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমানেও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অহ্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, আৰক্ষীয়ে যিমানেই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছে ৷ সিমানে আকৌ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈয়ে আছে ৷

লগতে পঢ়কঃ আশীৰ্বাদ যাত্ৰাৰ অৰ্থ বুজি পোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.