ডিফু, 15 ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্তত অব্যাহত ড্ৰাগছ বিৰোধী অভিযানত মঙলবাৰে আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী । বোকাজান মহকুমাৰ ডিলাই তিনিআলিত আৰক্ষীয়ে চলোৱা তালাচীত মঙলবাৰে আবেলি প্ৰায় ৪ মান বজাত নিষিদ্ধ হেৰ’ইনসহ দুজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে (Peddlers arrested with Heroin in Dilai) আৰক্ষীয়ে ।
গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তালাচী চলাইছিল আৰক্ষীৰ এটা দলে । আৰক্ষীৰ তালাচী অভিযান অব্যাহত থকাৰ সময়তে ডিমাপুৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা এ এছ-১৯ এফ-৬৪১৯ নম্বৰৰ এখন ৱাগনাৰ বাহনৰ পৰা আৰক্ষীয়ে হেৰ’ইনখিনি জব্দ কৰে । সৰবৰাহকাৰীকেইটাই এটা চাবোনৰ বাকচ আৰু এটা চাধাৰ টেমাত লুকুৱাই আনিছিল ১৩.৪৯ গ্ৰাম হেৰ'ইন ।
জব্দ কৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । আৰক্ষীয়ে সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ জেৰা অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে বঙাইগাঁও জিলাৰ যুগল কিশোৰ ৰাভা আৰু ৰবি শ্বাহ বুলি জানিব পৰা গৈছে ।
বিগত কিছুদিন ধৰি অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । সীমান্তৰে যাতে অবৈধভাৱে অসমলৈ ড্ৰাগছৰ সৰবৰাহ কৰিব নোৱাৰে, তাৰ বাবে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসন ।
লগতে পঢ়ক: মোনাবাৰীত কাৰ্টনে কাৰ্টনে জব্দ অৰুণাচলী সুৰা