ETV Bharat / state

আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীৰে মুখামুখি সংঘৰ্ষত নিহত হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷ মৃত সৰবৰাহকাৰীটোৰ পৰা নিষিদ্ধ ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

author img

By

Published : Oct 25, 2021, 10:22 PM IST

drugs-peddler-died-in-police-firing
আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী

ডিফু, ২৪ অক্টোবৰ : অৱশেষত কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তত আৰক্ষীৰে মুখামুখি সংঘৰ্ষত নিহত হয় এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ অসম-নাগালেণ্ড সীমান্তত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিষিদ্ধ ড্ৰাগছ মাফিয়া সকলৰ প্ৰতিটো ন ন কৌশল প্ৰতিহত কৰিবলৈ সক্ষম হৈ আহিছে ৷

drugs peddler died in police firing
আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছ

সোমবাৰে সন্ধিয়া ৫.৩০ বজাত লাহৰিজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তিনি-চাৰিজন ব্যক্তিয়ে ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰে ৷ ব্যক্তিকেইজনে লাহাৰিজান আৰক্ষীচকীৰ তালাচী চকীৰ চকুত ধূলি দি দিচাপুৰ দেওবৰীয়া বজাৰ পথেৰে উক্ত ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্যও লাভ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ।

এই তথ্য লাভ কৰি লগে লগে তাত এটা তালাচী চকী স্থাপন কৰে বিষয়া গৰাকীয়ে । সন্ধিয়া প্ৰায় ৬.৩০মান বজাত উক্ত স্থানত দুই-তিনিজন ব্যক্তিৰ সন্দেহজনক চলাচল লক্ষ্য কৰি তালাচীৰ বাবে তেওঁলোকক ৰ’বলৈ কোৱা হয় ।

কিন্তু তৎমূহুৰ্ততে ব্যক্তিকেইজনে তালাচীৰ দায়িত্বত থকা আৰক্ষীৰ ওপৰত গুলীচালনা কৰে । আত্মৰক্ষাৰ বাবে আৰক্ষীৰ দলটোৱেও গুলীৰে প্ৰত্যুত্তৰ দিয়ে ।

ইয়াৰ ১৫-২০ মিনিটমান পিছত অঞ্চলটোত তন্ন তন্নকৈ তালাচী চলাই মাটিত পৰি থকা অৱস্থাত গুলীবিদ্ধ এজন ব্যক্তিক উদ্ধাৰ কৰে আৰক্ষীয়ে । তেওঁৰ পৰা এটা ৭.৬৫ এমএম পিষ্টল আৰু এটা বেগ উদ্ধাৰ হয় । বেগটো তালাচী কৰাৰ পিছত তাত ৬২৬ গ্ৰাম ওজনৰ ৫০টা হেৰ’ইনৰ চাবোন কেছ আৰু ২০টা গুলী আৰু এটা মোবাইল ফোন জব্দ কৰা হয় ।

জানিব পৰা মতে, উক্ত হেৰ’ইনখিনিৰ বজাৰ মূল্য ৪-৫ কোটি টকা হ’ব ৷ লগতে কিছু খালী কাৰ্টিজো উদ্ধাৰ হয় । আনহাতে পলাই যোৱা লোককেইজনক ধৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই আছে আৰু দুজন ব্যক্তি নাগালেণ্ডৰ ফালে পলাই যোৱা বুলি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছে । শেহতীয়াকৈ জানিব পৰা অনুসৰি গুলিবদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ মৃত্যু হৈছে যদিও বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰা হোৱা নাই ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ নিয়োগ প্ৰক্ৰিয়াত দুৰ্নীতি : আটক 9

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.