ডিফু, ৪ অক্টোবৰ: ডিফুত অস্ত্ৰসহ আটক DNLA কেডাৰ ৷ শুকুৰবাৰে দিন-দুপৰতে অস্ত্ৰ-শস্ত্ৰসহ আটক হোৱা কেডাৰজনৰ নাম সুৰজিৎ দাস ৷ ঘটনাকলৈ সমগ্ৰ অঞ্চলজুৰী চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ডিফুৰ মাঞ্জাত সন্ধিয়া গ্ৰেণেড নিক্ষেপৰ পাচতে মাঞ্জা থানাৰ গোচৰ নং ২৮/ ১৯ ভিত্তিত আইনৰ ধাৰা ১২০ (খ)/৩৮৭/৩৪ আৰু আৰ ডব্লিউ ধাৰা ৪/৫ ই, চি অনুসৰি তদন্ত আৰম্ভ কৰে ৷ উক্ত তদন্ততৰ তথ্যৰ ভিত্তিতে ডিফু চহৰৰ ১ নং পুলিছ পইণ্টৰ কাষত AS-09-AC-8034 নম্বৰৰ যাত্ৰীবাহী অট' ৰিক্সাৰ পৰা আটক কৰে DNLA লিংকমেনজন ৷ আটকাধীন কেডাৰজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ২২ পিষ্টল, চাৰি জাঁই সজীব গুলী আৰু এটা ম'বাইল হেণ্ডছেট ৷
ধৃত লিংকমেনটো বকলিয়াঘাট চিকাৰী পথাৰৰ প্ৰবিত্ৰ দাসৰ পুত্ৰ সুৰজিৎ দাস ৷ বৰ্তমান ডিফু ৰে'ল কল'নিত থকা সুৰজিৎ দাস উগ্ৰপন্থী সংগঠন DNLA হৈ কাম কৰি মাঞ্জাৰ বিভিন্ন ব্যক্তিৰ পৰা ধনদাবী কাৰ্যত জড়িত হৈ আহিছে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে ৷ আনহাতে বৃহস্পতিবাৰে গ্ৰেণেড নিক্ষেপ কৰা কাৰ্যত ধৃত লিংকমেনজন জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷