ডিফু, 2 ডিচেম্বৰঃ ‘ডিফু হ’ল তোমাৰে নাম হওক মংগল তোমাৰ’ সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাই সেউজ পাহাৰেৰে আৱৰা কাৰ্বি ভূমিৰ বৰ্ণনা তেওঁৰ এই কালজয়ী সৃষ্টিৰেই বিশ্ববাসীৰ আগত প্ৰকাশ কৰি গৈছিল ৷ গুৱাহাটীৰ পৰা 270 কিঃমি দূৰৈত অৱস্থিত তথা নাগালেণ্ড আৰু মেঘালয়ৰ সীমাৰে আৱৰা ডিফু- প্ৰাকৃতিক নৈসৰ্গৰে ভৰপুৰ এখন আটকধুনীয়া পৰিষ্কাৰ তথা এখন ক্ষুদ্ৰ চহৰ ৷ সৌ সিদিনালৈ উগ্ৰপন্থী সমস্যাই জুৰুলা কৰা কাৰ্বি আংলঙত উন্নয়ন বুলিবলৈ নাছিল কোনো নতুনত্ব ৷ বৃহত্তৰ পৃথক কাৰ্বিভূমিৰ দাবীত KLNLF কে ধৰি আন কিছুমান উগ্ৰপন্থী সংগঠনে নিজৰ অস্তিত্ব অক্ষুন্ন ৰখাৰ পৰিচয় সময়ে সময়ে দেখুৱাই আহিছে ৷
প্ৰাকৃতিক অস্থিৰতা, চৰকাৰী এলাগী তথা সন্ত্ৰাস জৰ্জৰিত ডিফু চহৰখনৰ বিধ্বস্ত বাট-পথ, ভগ্ন দলং, স্বাস্থ্য খণ্ডৰ পয়ালগাৰূপে আন্তঃগাঁথনিৰ দিশটোৰ শোচনীয় অৱস্থাৰ দিশটো পৰিস্ফুট আৰু ডিফু চহৰখনক বিশ্বৰ আধুনিক ব্যৱস্থাৰ পৰা নিলগলৈ ঠেলি দিছিল ৷ প্ৰতিশ্ৰুতিৰ বন্যা বোৱোৱা বিভিন্ন ৰাজনৈতিক দল তথা নেতাই যুগে যুগে মাহীআইৰ লেৰেলা সাদৰেই দেখুৱাই আহিছে কাৰ্বি আংলঙৰ সদৰ ডিফুক ৷ কিন্তু সময়ৰ পৰিৱৰ্তনে যেন সলনি কৰিছে ডিফুৰ প্ৰতি ৰজাঘৰীয়াৰ দৃষ্টিভংগীও ৷
অৱশেষত ডিফুৱে দেখিলে উন্নয়নৰ ন-সূৰুয ৷ আৰম্ভ হ’ল পূৰ্ব প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত ডিফুৰ সাধাৰণ ৰাইজৰ স্বতঃস্ফৰ্ত প্ৰচেষ্টাত উন্নয়নৰ বাট প্ৰতিফলিত হোৱাৰ দিশে অগ্ৰসৰ হ’ল ডিফু ৷ ডিফু চহৰখনক স্মাৰ্টচিটি গঢ়াৰ লক্ষ্যৰেই সূচনা কৰা হ’ল কেইবাটাও বৃহৎ প্ৰকল্পৰ ৷ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ আৱন্টিত পুঁজিৰেই ইতিমধ্যেই আৰম্ভ কৰা হ’ল সৰ্বমুঠ 30 টা বিভাগক ন-ৰূপ দিয়া কাম ৷
ডিফু চহৰখনক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ঘাইপথৰ পুনৰ নিৰ্মাণ তথা বহলীকৰণ তথা অন্যান্য বিভিন্ন প্ৰকল্প মুল চহৰৰ পৰা কিছু আঁতৰে আতঁৰে পৰিযোজনা কৰা হৈছে ৷ সেই হেতুকে চহৰখনৰ কৰ্মসংস্কৃতিয়ে পুনৰ চমকপ্ৰদ ফল লাভ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰধান প্ৰতিফলন দেখা গৈছে সমগ্ৰ পাৰ্বত্য ভূমিৰ বাবে বহু প্ৰত্যাশিত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰিয়তে ৷
2011 চনত আধাৰশিলা স্থাপন কৰা এই চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বতে অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰ হিচাপে নামকৰণ কৰা হৈছিল যদিও বৰ্তমান ইয়াক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল হিচাপে নামকৰণ কৰা হৈছে ৷ পাহাৰীয়া চিকিৎসা মহাবিদ্যালয়খনত প্ৰবক্তা, সহকাৰী প্ৰবক্তা আৰু চিকিৎসকসহ মুঠ 54 জনে নিযুক্তি পোৱাৰ বিপৰীতে তৃতীয় বৰ্গৰ কাৰিকৰী বিভাগত 72 জন, অনা কাৰিকৰীত, 87 জন আৰু চতুৰ্থ বৰ্গৰ 117 জন আৰু নাৰ্চৰ বাবে 202 জনক চৰকাৰে নিযুক্তি প্ৰদান কৰিছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়খনে পাহাৰীয়া ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুদিনীয়া অভাৱ পূৰণ কৰি পাহাৰীয়া জিলাখনত এক ঐতিহাসিক পৰিৱৰ্তন আনি দিবলৈ সক্ষম হৈছে ৷
ইয়াৰোপৰি ডিফুৰ হৃদয়স্থলীত ৪৫ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হোৱা নৱনিৰ্মিত ষ্টেডিয়ামখনৰ জৰিয়তে চহৰখনৰ লগতে জিলাখনৰ ক্ৰীড়াজগত তথা ক্ৰীড়া সংস্কৃতিৰ প্ৰতিও যুৱ প্ৰজন্মক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে ৷ সম্পূৰ্ণ আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা ষ্টেডিয়ামখনত আটকধুনীয়া ইনড'ৰ ষ্টেডিয়াম, গেষ্ট হাউছ থকাৰ লগতে এটা ছুইমিং পুলো নিৰ্মাণ হ'বলৈ গৈ আছে ৷ নৱনিৰ্মিত ডিফুৰ আধুনিক ষ্টেডিয়ামখনত ইতিমধ্যে বাংলাদেশ, নেপাল, শ্ৰীলংকা, গোৱা ছালগাওকাৰ আদি দেশ-বিদেশৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৈছে ৷
তাৰোপৰি ডিফু চহৰৰ বুকুৱেদি বৈ যোৱা ডিফু নদীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ড্ৰীম প্ৰজেক্টৰ জৰিয়তে 8 কোটি টকা ব্যয় সাপেক্ষে ডিফু নদীৰ পাৰ বন্ধাৰ লগতে নদীৰ পাৰত উদ্যান নিৰ্মাণ কৰাত চহৰখনৰ গৰিমা বহুগুণে বৃদ্ধি কৰাইছে ৷
আনহাতে 1453,99 লাখ টকা এ.আই.বি.পিৰ 2013-14 বৰ্ষৰ জিলা জলসিঞ্চন আঁচনি, 99 লাখ টকা ব্যয় সাপেক্ষে 2014-15 বিত্তীয় বৰ্ষৰ এ.আই.বি.পিৰ আঁচনিৰ অধীনত বৰজান জলসিঞ্চন আঁচনিৰ অধীনত ফংলাংচ' আঁচনিৰ কাম হাতত লোৱা হৈছে ৷ 2018-19 বিত্তীয় বৰ্ষত আবণ্টিত পুঁজিৰ অধীনত 8,5000 লাখ টকা ব্যয় সাপেক্ষে ডিফুৰ চেৰ্কালচাৰত মাল্টি ষ্ট’ৰড কাৰ পাৰ্কিং, 22 কোটি টকা ব্যয় সাপেক্ষে ডিফুৰ মাটিপুঙত কাৰ্বি পৰিষদৰ অতিথিশালা, 12 লাখ টকা ব্যয় সাপেক্ষে চৰকাৰী গাহৰি আৰু কুকুৰা ফাৰ্মত পৰিদৰ্শন বঙলা ও প্ৰশিক্ষণ কেন্দ্ৰ আনহাতে ডিফু লেকৰ ওচৰত ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ 15,3,000 লাখ টকা ব্যয় সাপেক্ষে শ্বপিং মল, আদি কাম হাতত লোৱা হৈছে ৷
ইয়াৰোপৰি চহৰ বিভিন্ন তিনিআলিত কাৰ্বি পৰাম্পৰাগত বীৰ বীৰাংগনা ক্ৰমে চেৰদিহুন, থং নকবে, ৰংফাৰপী ৰংবে, চিৰ ৱম' আৰু কাৰ্বি পৰাম্পৰাগত প্ৰতীক জাম্বলি আথন আদি প্ৰতিমূৰ্তি স্থাপন কৰি ৰং-বিৰঙৰ আলোক সজ্জাৰে নিশাৰ ভাগত ডিফু চহৰক মায়ানগৰীলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে ৷ চহৰখনৰ প্ৰতিটো পথতে ৰেলিং, ডিভাইডাৰ, হাইমেক্স পাৱাৰ লাইট, ষ্ট্ৰীট লাইট আদিৰে নিশাৰ ভাগত আলোকময় হৈ পৰে ৷ ইয়াৰোপৰি ডিফু চহৰৰ মাটিপুঙত 13 হেক্টৰ ভূমিত স্থাপন কৰা হৈছে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰ নামৰ এক মনোমোহা উদ্যান ৷ উদ্যানখনক শিশুৰ খেলা-ধূলা আৰু আনন্দৰ বাবে পৰ্যাপ্ত সুবিধা আৰু প্ৰেক্ষাগৃহ লগতে মুকলি মঞ্চ আৰু কেফেটেৰিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
পাহাৰীয়া জিলাখনৰ এসময়ত উন্নয়নে ঢুকি নোপোৱাৰ যি অভিযোগ আছিল সেয়া ক্ৰমান্বয়ে হ্ৰাস পায় উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে ৷
আৰু পঢ়কঃবেন্টলিৰ ইলেক্ট্ৰনিক বাহন 2025 চনত আৰম্ভ হোৱাৰ সম্ভাৱনা