ডিফু, 25 মে': বোকাজান আৰক্ষী থানাৰ সন্মুখত হেলমেট পৰিধান নকৰা তথা মাস্ক পৰিধান নকৰা সকলৰ বাবে বোকাজান আৰক্ষীয়ে চলাই আহিছে তালাচী ৷ এনে সময়তে কৰ্তব্যৰত এজন আৰক্ষী বিষয়া চৰণ চেতিয়াক প্ৰহাৰ কৰে এজন হেলমেট পৰিধান নকৰা ব্যক্তি আৰু তেওঁৰ পত্নীয়ে ৷ অভিযুক্ত ব্যক্তিজন হৈছে অমিত ওৰফে মদন মেচ ৷ হেলমেট পৰিধান নকৰা বাবে লোকজনৰ পৰা আৰক্ষীয়ে জৰিমনা বিহাৰ পাচতে আৰক্ষী বিষয়ানজক প্ৰহাৰ কৰে দম্পতীয়ে ৷
জৰিমনা বিহাক লৈ অমিত ওৰফে মদন মেচে আৰক্ষীৰ সৈতে তৰ্ক-যুদ্ধত লিপ্ত হয় আৰু তাৰ পিছতে আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে আৰক্ষী বিষয়া চৰণ চেতিয়াক । ইতিমধ্যে দুয়োকে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, লোকজনৰ বিৰুদ্ধে বহু অবৈধ ব্যৱসায় আৰু নিজ বাসগৃহত অবৈধ গুদাম নিৰ্মাণ কৰি ব্যৱসায় কৰি অহাৰ তথ্য পোৱা গৈছে ।
লগতে পঢ়ক: মধ্যপ্ৰদেশৰ পৰা চাইকেলৰে আহি বাক্সাত উপস্থিত 8 জন যুৱক