ETV Bharat / state

Assam Book Fair Diphu : ২০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে ডিফুত অসম গ্ৰন্থমেলাৰ সফল সামৰণি

author img

By

Published : Feb 12, 2023, 10:29 PM IST

২০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে অসম গ্ৰন্থমেলা, ডিফুৰ সফল সামৰণি (Assam book fair Diphu ended) । ‘‘মানসিক সুস্বাস্থ্যৰ বাবে গ্ৰন্থই হৈছে একমাত্ৰ পথ’’ সামৰণি অনুষ্ঠানত ক’লে অনুৰাধা শৰ্মা পূজাৰীয়ে । ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছিল এই গ্ৰন্থমেলাৰ (Assam Book Fair at Diphu) ৷

Diphu
Diphu
ডিফু গ্ৰন্থমেলাৰ সামৰণি

ডিফু, ১২ ফেব্ৰুৱাৰী : অসম প্ৰকাশন পৰিষদ (Assam Prakashan Parishad), সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ (All Assam Book publishers and sellers association) উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থেমেলা, ডিফুৰ দেওবাৰে সফল সামৰণি পৰে (Assam book fair Diphu ended) ৷ যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত এই গ্ৰন্থমেলাৰ সমাৰণিৰ কাৰ্যসূচীত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে (Anuradha Sarma Pujari at Assam Book fair Diphu) ৷

তেওঁ ভাষণ প্ৰসংগত কয় যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলাৰ আয়োজন কৰি এক আস্থাশীল বৌদ্ধিক আৰু বিদ্যায়তনিক পৰিৱেশ গঢ়ি তোলাৰ শুভবাৰ্তা কঢ়িয়াইছে ৷ সাম্প্ৰতিক ডিজিটেল পৃথিৱীত ছপা আখৰৰ কিতাপলৈ বিপৰ্যয় নামি অহা বুলি সংশয় সৃষ্টি হোৱাৰ সময়ত অসম গ্ৰন্থমেলা যথাৰ্থতে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ১৪ বছৰৰ মূৰত ডিফুত এখন গ্ৰন্থমেলা আয়োজন কৰাটো মহত্বপূৰ্ণ ৷ বৰ্তমানৰ সমাজত শিক্ষা মানেই হৈছে নম্বৰ, এটা ভাল চাকৰি পোৱা, এটা ভাল ঘৰ সজা- এনে ব্যক্তিবাদী চিন্তাই সকলোকে আচ্ছন্ন কৰি ৰাখিছে (Assam Book Fair at Diphu) ৷

লেখিকাগৰাকীয়ে লগতে কয় যে, কিন্তু এয়াইনে জ্ঞান অৰ্জন বা প্ৰজ্ঞাৰ সাধনা ? এনে ভোগবাদী দৰ্শনৰ বিপুল উত্থানৰ সময়ত যেন মানুহ ক্ৰমশঃ ভাগৰুৱা হ’বলৈ আৰম্ভ কৰিছে ৷ কাৰণ ভোগৰ শেষ নাই ৷ কিন্তু যিসকলে গ্ৰন্থক জীৱনৰ সহচৰ কৰি লৈছে, অধ্যয়ন আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী হৈছে তেওঁলোকে কেতিয়াও হতাশ নহয় ৷ গ্ৰন্থ হৈছে এখন স্বচ্ছ আইনা; য’ত আমাৰ আত্মাৰ দৰ্শন হয় ৷ মানসিক সুস্বাস্থ্যৰ বাবে গ্ৰন্থই হৈছে একমাত্ৰ পথ ৷ গ্ৰন্থ সংস্কৃতিয়ে সমাজ জীৱনকো সুন্দৰ পথ নিৰ্দেশনা দিয়ে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক ভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰি আমাৰ মনত গভীৰ আশাবাদ পোষণ কৰিছে ৷

এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক-গৱেষক ড৹ প্ৰদীপজ্যোতি মহন্তই ৷ তেওঁ কয়, “কাৰ্বি আংলঙৰ বৰেৰহণীয়া সাংস্কৃতিক পৰিৱেশত অসম গ্ৰন্থমেলাৰ আয়োজন ভাবিলেই ভাললগা কথা ৷ অসমৰ সাংস্কৃতিক সৌধলৈ কাৰ্বি আংলঙৰ অৱদান অতুলনীয় ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসমত গ্ৰন্থ সংস্কৃতিৰ পৰম্পৰা গঢ়িবলৈ কৰা প্ৰয়াস অতি আনন্দদায়ক ৷ গ্ৰন্থত এখন সমাজৰ, কোনো এটি জনগোষ্ঠী বা জাতিৰ, কোনো এক সভ্যতা-সংস্কৃতিৰ ইতিহাস নিহিত হৈ থাকে ৷ সেয়েহে যিবোৰ জাতি-জনগোষ্ঠীৰ বৰ্ণিল জীৱনগাঁথা সেই জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত ভাষাত গ্ৰন্থৰ মাজেৰে ছপা ৰূপত প্ৰকাশ হোৱা নাই; সেই ভাষাৰ গ্ৰন্থ প্ৰকাশত যত্নপৰ হোৱাটো অতীৱ প্ৰয়োজনীয় ৷ অন্যথা ভাষা হেৰাই যাব পাৰে ৷ গ্ৰন্থই কিন্তু এনে শংকা নুই কৰে ৷ অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গ্ৰন্থ প্ৰকাশ হোৱাটো আশাৰ বতৰা ৷”

লোক-জীৱনৰ সংস্কৃতি-পৰম্পৰা, প্ৰচলিত গীত-মাত, সাধুকথা আদিক যি উৎসৰ পৰাই পাৰি তাৰ পৰাই সংগ্ৰহ আৰু সংৰক্ষণ কৰিবলৈ নথিভুক্ত কৰি গ্ৰন্থৰ ৰূপ দিবলৈ আহ্বান জনায় ড৹ মহন্তই ৷ আন এগৰাকী বিশিষ্ট অতিথি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ডিফুত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁ লগতে কয় যে, গ্ৰন্থই মানুহক নজনা জগতৰ সন্ধান দিয়ে, মানুহক উদাৰতাৰে সমৃদ্ধ কৰে ৷ গ্ৰন্থ নথকা সমাজৰ আচলতে একোৱেই নাথাকে ৷ কাৰ্বি সমাজ কিন্তু এই ক্ষেত্ৰত সমৃদ্ধ ৷ কাৰ্বি ৰামায়ণ “চাবিন আলুন”ৰ জৰিয়তে প্ৰমাণ পাব পাৰি এই ভাষা যে অতি চহকী ৷ গতিকে কাৰ্বি ভাষাত উন্নত সাহিত্য সৃষ্টি হোৱাটো সম্ভৱ ৷

কাৰ্বি সমাজৰ বাৰেৰহণীয়া সংস্কৃতি, ইয়াৰ প্ৰচলিত গীতি সাহিত্য, সাধুকথা আদিৰ বিষয়ে গৱেষণামূলক অধ্যয়ন হ’লে বহুত সমৃদ্ধ সাহিত্য সৃষ্টি হ’ব পাৰে ৷ ডিফুত গ্ৰন্থমেলাৰ আয়োজন কৰি পুথি অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত এক মাত্ৰা প্ৰদান কৰা বুলি আশা কৰিব পাৰি ৷ কিতাপ ৰচনা কৰা আৰু পঢ়াৰ পৰম্পৰাই সকলো জাতিকে সমৃদ্ধ কৰে ৷ এই কথা সকলোৰে পাথেয় হোৱা উচিত ৷ “মোৰ মাতৃভাষা কাৰ্বি, কিন্তু ৰাজ্যভাষা অসমীয়া ৷ আমি অসমীয়া মাধ্যমতে পঢ়াশুনা কৰা ৷ নিজৰ ভাষাটো শুদ্ধকৈ লিখা, পঢ়া আৰু কোৱা দৰকাৰ ৷ নিজৰ ভাষাটো শুদ্ধকৈ ক’ব নোৱৰাটো লাজৰ কথা ৷” এইবুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ধনেশ্বৰ ইংতিয়ে ৷

একেদৰে বিশিষ্ট অতিথি, কাৰ্বি লামেত আমেইৰ সভাপতি বাৰিম ইংতিয়ে কয় যে, ডিফুত অসম গ্ৰন্থমেলা আয়োজন কৰাটো অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপ ৷ অলিখিত ৰূপত সাহিত্য আমাৰ জনসমাজত প্ৰচলিত হৈ থাকে ৷ এইবোৰ বহুত উন্নত পৰ্যায়ৰ সাহিত্য ৷ কাৰ্বি জন-জীৱনৰ এনে বিভিন্ন সাহিত্যক গ্ৰন্থৰ ৰূপ দিয়া হৈছে আৰু বহুতো প্ৰকাশ নোহোৱাকৈ আছে ৷ এইবোৰ প্ৰকাশ আৰু অনুবাদৰ ব্যৱস্থা হ’লে কাৰ্বি ভাষা-সাহিত্যও সমৃদ্ধ হ’ব ৷ কাৰ্বি লামেত আমেইয়ে ইয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইণ্টাৰনেটৰ যুগত নতুন প্ৰজন্ম গ্ৰন্থবিমুখ হোৱা বুলি চৰ্চিত হোৱাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাই নিশ্চয় তৰুণ প্ৰজন্মক সঠিক বাট দেখুৱাব ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণী ভাষণ দিয়া সামৰণী অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়েও অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে শিশুৰ দিন উপলক্ষে শনিবাৰে অসম গ্ৰন্থমেলা, ডিফুত চিত্ৰাংকন, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু মুকলি কুইজ অনুষ্ঠিত হৈ যায় ৷ ইয়াৰ বঁটাসমূহ দেওবাৰে সামৰণী অনুষ্ঠানত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ৷ আজিৰ সামৰণী অনুষ্ঠান আৰু সন্ধিয়াৰ মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে ৷

লগতে পঢ়ক :Sankardev Sangha Conference : আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.