ETV Bharat / state

নতুন ভূমি নীতি : সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ডিফুত আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 5:13 PM IST

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু খাদ্য বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা আৰু নতুন ভূমি নীতিৰ প্ৰস্তাৱৰ প্ৰতিলিপি দাহ কৰে ডিফুত আছুৱে ৷

diphu aasu  protest aginest new agriculture leand act assam govrnment
নতুন ভূমি নীতিঃসোণোৱাল চৰকাৰৰ বিৰুদ্ধে ডিফুত আছুৰ প্ৰতিবাদ

ডিফু,৩জুলাই : শুক্ৰবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী আৰু অসমৰ খাদ্য মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূতি দাহৰ লগতে অসমৰ ভূমিখণ্ডত অনুমতিবিহীনভাৱে উদ্যোগ স্থাপনৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ প্ৰস্তাৱৰ প্ৰতিলিপি দাহ কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে ৷ অসমৰ যিকোনো ভূমিত বিনাচৰ্তে আৰু অনুজ্ঞা পত্ৰ অবিহনে উদ্যোগ স্থাপনৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰৰ অনুমোদন জনোৱাক কাৰ্যৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কোনো অনুমতি অবিহনে উদ্যোগ স্থাপনৰ অজুহাতত অসমৰ কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে বিজেপি শাসিত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাই সিদ্ধান্ত লোৱাৰ কথা ৰাজহুৱা হোৱাৰ পিছতে ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন।

ডিফুত আছুৰ কাৰ্বি আংলং জিলা সমিতিয়ে খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰ হায়-হায়, খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব কৰা এই আইন মানি লোৱা নহ’ব, এই আইন শীঘ্ৰেই বাতিল কৰক আদি শ্ল’গানেৰে ডিফুৰ পৰিবেশ উত্তাল কৰি তোলে। অসম চৰকাৰে এই অসম তথা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত অতি শীঘ্ৰেই বাতিল নকৰিলে আগন্তুক দিনত ইয়াতকৈ ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ সদৌ অসম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি সৰ্জোন হাঞ্চেয়ে ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰে। ইয়াৰোপৰি নেতাগৰাকীয়ে কয় যে, মহামাৰী কৰ'ণাৰ মহা প্ৰলয়ৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিক পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰি ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে ৷ লগতে অসমতো কৰ'ণাৰ মহা সংকটৰ সময়ত দুখীয়া ৰাইজলৈ খাদ্য সামগ্ৰীৰ সাহায্য ভালদৰে যোগান ধৰা হোৱা নাই বুলি অভিযোগ কৰে নেতা গৰাকীয়ে ৷ লগতে খাদ্য বিভাগত বৃহৎ কেলেংকাৰী হৈছে তদন্ত হ'ব লাগে বুলি দাবী কৰে নেতাজনে ৷

লগতে পঢ়কঃ লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.