ETV Bharat / state

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু বন বিষয়াৰ

author img

By

Published : Jul 27, 2020, 9:55 AM IST

Updated : Jul 27, 2020, 12:01 PM IST

DFO dead by suffering covid 19 karbi anglong assam etv bharat news
বন বিষয়া জয়ছিং বে’ৰ মৃত্যু

09:46 July 27

ইয়াৰ পূৰ্বেও আন এগৰাকী বিষয়াৰ শৰীৰত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷ বন বিষয়াগৰাকী বিভিন্ন বেমাৰত ভূগি থকাৰ পিছত কোভিডৰ পৰীক্ষা কৰোতে শৰীৰত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷

ডিফু,27 জুলাই: কাৰ্বি আংলঙবাসীয়ে পুনৰ হেৰুৱালে এগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীক ৷ সমান্তৰালকৈ জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে চাৰি গৰাকীলৈ ৷ এইবাৰ জিলাখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে পশ্চিম সংমণ্ডলৰ জিলা বন বিষয়া ৫৯ বছৰীয়া জয়ছিং বে' ৷

ইয়াৰ পূৰ্বেও আন এগৰাকী বিষয়াৰ শৰীৰত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷ বন বিষয়াগৰাকী বিভিন্ন বেমাৰত ভূগি থকাৰ পিছত কোভিডৰ পৰীক্ষা কৰোতে শৰীৰত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বে’ক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা ১০.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে ৷

বিষয়াগৰাকীৰ মৃত্য়ুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণ ছিং বে’ য়ে শোকপ্ৰকাশ কৰে ৷ তদুপৰি বিষয়াগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে সোমবাৰে অৰ্ধ ছুটী পালন কৰাৰ আহ্বান জনাইছে ৷

লগতে চাওকঃ ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 32228লৈ বৃদ্ধি

Last Updated : Jul 27, 2020, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.