ETV Bharat / state

Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ব্যাপক প্ৰভাৱ পেলাইছে বৰাকৰ ৰাজনীতিত - ৩০ জুনত বৰাক বন্ধৰ আহ্বান বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ

বৰাক উপত্যকাৰ ৰাজনীতিত আউল লগাইছে নিৰ্বাচন আয়োগৰ খচৰাই । দুটাকৈ বিধানসভা সমষ্টিৰ বিলুপ্তি সাধন আৰু কৰিমগঞ্জৰ পৰা সংৰক্ষণ আঁতৰাই শিলচৰক এছ চিৰ বাবে সংৰক্ষণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাকত । বৰাকৰ ঠায়ে ঠায়ে প্ৰতিবাদ । বৰাক উপত্যকাক ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ অভিযোগ তুলি ৩০ জুনত বৰাক বন্ধৰ আহ্বান বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ।

Constituency Delimitation 2023
বৰাক উপত্যকাৰ ৰাজনীতিত আউল লগাইছে নিৰ্বাচন আয়োগৰ খচৰাই
author img

By

Published : Jun 24, 2023, 1:53 PM IST

গুৱাহাটী, ২৪ জুন : ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে । লোকসভা আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা পূৰ্বৰ দৰে একেই আছে যদিও সমষ্টিৰ সীমাৰ ব্যাপক সালসলনি ঘটোৱা হৈছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাৰ ৰাজনীতিতো আউল লাগিছে ।

Constituency Delimitation 2023
বৰাক উপত্যকাৰ ৰাজনীতিত আউল লগাইছে নিৰ্বাচন আয়োগৰ খচৰাই

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত কৰিমগঞ্জৰ পৰা সংৰক্ষণ আঁতৰাই শিলচৰক এছ চিৰ বাবে সংৰক্ষণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাকত । এক কথাত বৰাকৰ ৰাজনৈতিক ভূগোল সলনি কৰি পেলালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাই । কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা এফালে যদি অনুসূচিত জাতিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থা আঁতৰিছে আৰু আনফালে লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিজেপিৰ হাতত থকা পাথাৰকান্দি বিধানসভা আৰু এ আই ইউ ডি এফৰ দখলত থকা কাটলিচেৰা বিধানসভা সমষ্টি বিলোপ হৈছে বৰাকৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা ।

কৰিমগঞ্জ লোকসভা সমষ্টিটো এছ চিৰ বাবে সংৰক্ষিত হৈ থকাৰ পিচতো সমষ্টিটোৰ জনগাঁথনি বিজেপিৰ বাবে অনুকুল নাছিল । খচৰাত এছ চিৰ সংৰক্ষণ উঠাই দিয়া কৰিমগঞ্জত মুছলমান জনসংখ্যা ৭,০৬,২৪৮ গৰাকী ৷ অৰ্থাৎ মুঠ জনসংখ্যাৰ ৫৩.৭ শতাংশ ।

Constituency Delimitation 2023
৩০ জুনত বৰাক বন্ধৰ আহ্বান বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ

ইয়াৰ বিপৰীতে এছ চিৰ বাবে সংৰক্ষিত হোৱা শিলচৰত মুছলমান জনসংখ্যা ৪,৫৬,৯৫৮ গৰাকী অৰ্থাৎ মুঠ জনসংখ্যাৰ ৩৮.৩ শতাংশ । ১৩ লাখৰো অধিক ভোটাৰ থকা কৰিমগঞ্জ লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি হোৱা সত্বেও বিজেপিৰ আশংকা কোনো দিনেই কমা নাছিল ।

একেদৰে শিলচৰ লোকসভা সমষ্টিত থকা প্ৰায় বাৰ লাখ ভোটাৰৰ ৩৮.৩ শতাংশ মুছলমান ভোটাৰ হোৱাৰ বাবে বিজেপি আৰু আৰ এছ এছৰ বাবে শংকাৰ কাৰণ হৈ পৰিছিল । যাৰ বাবে আনকি নিৰ্বাচন আয়োগক দিয়া স্মাৰক পত্ৰত কোকৰাঝাৰৰ সংৰক্ষণ আঁতৰোৱাত আপত্তি দৰ্শাইছিল যদিও বিজেপিয়ে কৰিমগঞ্জৰ এছ চি সংৰক্ষণ আঁতৰোৱাত আপত্তি দৰ্শোৱা নাছিল ।

আনকি নিৰ্বাচন আয়োগক দিয়া স্মাৰক পত্ৰত বিজেপিয়ে ধেমাজি জিলাৰ এটা সমষ্টি সংৰক্ষণমুক্ত কৰি ৰাখিবলৈ দাবী কৰিছিল । কিন্তু কৰিমগঞ্জৰ পৰা সংৰক্ষণ ব্যৱস্থা আঁতৰি শিলচৰ সংৰক্ষণৰ আওতালৈ আহিব বুলি জানিও কোনো ধৰণৰ আপত্তি দৰ্শোৱা নাছিল বিজেপিয়ে ।

Constituency Delimitation 2023
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বৰাক উপত্যকাৰ ৰাজনীতিত আউল

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বৰাকৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰখনতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমষ্টি কৰ্তনক লৈ বৰাকত ক্ষোভৰ জুই জ্বলিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত বৰাক উপত্যকাক ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ অভিযোগ তুলি ৩০ জুনত বৰাক বন্ধৰ আহ্বান জনাইছে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টে ।

ইফালে এই খচৰাক লৈ বৰাক উপত্যকাৰ বিজেপি নেতা-কর্মীও ভীষণ অসন্তুষ্ট । বৰাক উপত্যকাৰ বিধানসভা সমষ্টিৰ সংখ্যা ১৫ টাৰ পৰা ১৩ টালৈ হ্ৰাস কৰা আৰু কৰিমগঞ্জৰ পৰিৱৰ্তে শিলচৰ লোকসভা সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাক লৈ বৰাক উপত্যকাত ইতিমধ্যে উত্তপ্ত হৈ পৰিছে । বৰাকৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰা দেখা গৈছে ।

লগতে পঢ়ক : Constituency Delimitation 2023 : মই যুঁজি আছো গব্বৰ সিঙৰ লগত ওলাইছেহি ছাম্বা; কিয় ক’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.