ডিফু, 27 অক্টোবৰ : মঙলবাৰে দিল্লী যন্তৰমন্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । মুছলিম ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থা অসমে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰেৰণ কৰি বিজেপি গ’ বেক’, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল হৈ পৰে দিল্লী যন্তৰমন্তৰত ।
ইছলাম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব আৰু চৰকাৰৰ হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে । হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত বাতিল নকৰিলে জংগী আন্দোলন আৰু উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰাৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীৰ ।
![Delhi Yantramantra protests against closure of madrassas and Sanskrit tolls](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9332045_ss.jpg)
লগতে পঢ়ক : মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীৰ ৰাজ্যজোৰা প্ৰতিবাদ
প্ৰতিবাদী কাৰ্যসূচীত মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে কয় যে, ৰাজ্য চৰকাৰে মাদ্ৰাছাসমূহ বাতিল কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, এক মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰি আছে ৷ সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিৰ কথাত ভূল নাযাবলৈ অসমবাসী ৰাইজক আহ্বান জনাই মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আবুল ৰহমানে ।
লগতে পঢ়ক : মিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?