ডিফু, 23 ফেব্ৰুৱাৰী : বৈঠালাংছ'ৰ কাৰ্বি লাংপি নৈত সলিল সমাধি ঘটা দুই ছাত্ৰৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷ সোমবাৰৰ পৰা উদ্ধাৰ অভিযান চলাই থকা এছডিআৰএফে আজি ঘটনাস্থলীৰ কাষতে উদ্ধাৰ কৰে সঞ্জয় চেনাৰ আৰু বিদ্যা চেনাৰৰ মৃতদেহ ।
উল্লেখ্য যে, দেওবাৰে চাৰিজন বন্ধুৰ সৈতে বৰপানী নৈত গা ধুবলৈ গৈ পানীত ডুব গৈছিল দুয়ো । বৈঠালাংছ' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্ৰ আছিল দুয়োগৰাকী কিশোৰ । নৈত গা ধুবলৈ গৈ ছাত্রৰ এনেদৰে সলিল সমাধি ঘটা ঘটনাই এতিয়া সমগ্র পাহাৰীয়া জিলাখনতে শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক : নাৰী শক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : মুখ্যমন্ত্ৰী সোণোৱাল