মৰিয়নী,30 মাৰ্চ: ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে সোমবাৰে নিশা মৰিয়নীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড । নকছাৰী ভেলাগুৰি চাহ বাগিচাৰ ২নং ৰজাবাৰীত সংঘটিত হৈছে এই ঘটনা । উদয় কালান্দি (৪২) নামৰ এজন লোকজনক ঘৰৰ সন্মুখতে দাৰে ঘপিয়াই কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে ।
নিশাই ঘটনাস্থলীত দেৱেৰাপাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিছে সেই সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই ৷
লগতে পঢ়ক: দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্য