ETV Bharat / state

চকীহোলাৰ হত্যাকাণ্ড: অৱশেষত উদ্ধাৰ দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ

বিগত 28 আগষ্টত ঘৰৰ পৰা মাছ ধৰিবলৈ গৈ নিখোজ হৈছিল কাৰ্বি আংলঙৰ চকীহোলাৰ দুগৰাকী কিশোৰী ৷ পিছদিনা ইয়াৰে এগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো নিখোজ হৈ আছিল আন গৰাকী কিশোৰী ৷ অৱশেষত শুকুৰবাৰে উদ্ধাৰ হৈছে আন গৰাকী কিশোৰীৰ মৃতদেহ ৷

author img

By

Published : Sep 3, 2021, 9:14 PM IST

dead-body-of-murdered-minor-girl-rescued-in-karbianglang
চকীহোলাৰ হত্যাকাণ্ড : অৱশেষত উদ্ধাৰ দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ

ডিফু, ৩ ছেপ্তেম্বৰ : অৱশেষত প্ৰায় এটা সপ্তাহৰ পিছত উদ্ধাৰ হ'ল সমগ্ৰ কাৰ্বি পাহাৰ কঁপাই যোৱা চকীহোলাৰ নৃশংস হত্যাকাণ্ডৰ দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ ৷ দ্বিতীয় গৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা পিছতেই দুয়োগৰাকী কিশোৰীৰ শিহৰণকাৰী কাণ্ডৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ কাৰ্বি পাহাৰৰ অতিকৈ দুৰ্গম অঞ্চলত দুগৰাকী কিশোৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই সমগ্ৰ পাহাৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলাৰ চকীহোলাত যোৱা দেওবাৰে অৰ্দ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ ৷ চকীহোলা আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীৰাম গাৱঁত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা ৷ ইয়াৰ আগদিনা বিয়লি গাঁওখনৰ দুগৰাকী কিশোৰীয়ে মাছ মাৰিবলৈ গৈ আকস্মিক ভাৱে নিৰুদ্দেশ হৈ পৰাত চাঞ্চল্যই বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলটোত ৷

নিৰুদ্দেশ হৈ থকা ইয়াৰে কিশোৰী দুগৰাকীৰ মাজৰে এগৰাকী কিশোৰীৰ মৃতদেহ দেওবাৰে আবেলি এইদৰে কৰা উদ্ধাৰ কৰা হৈছিল । এই অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত গাওঁবাসীয়ে কিশোৰী গৰাকীক কোনো অচিনাক্ত দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল । কিন্তু সন্ধানহীন হৈয়েই আছিল আন গৰাকী কিশোৰী ৷

তথ্য অনুসৰি যোৱা ২৮ আগষ্টত মাছ মাৰিবলৈ যোৱা দুয়োগৰাকী কিশোৰীক তাৰ পৰাই কোনো অচিনাক্ত দুৰ্বৃত্তই লৈ গৈ হত্যা কৰিছিল । প্ৰথম গৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই আন গৰাকীৰ সন্ধানত নামি পৰিছিল আৰক্ষী, কাৰ্বি ছাত্ৰ সন্থাৰ লগতে বহু গাঁওবাসী । অৱশেষত এটা সপ্তাহৰ পিছত ক্ষত-বিক্ষত অৱস্থাত পাহাৰৰ এটা জুৰিত উদ্ধাৰ হৈছে কিশোৰী গৰাকীৰ মৃতদেহ । লক্ষ্যণীয় বিষয় যে, উদ্ধাৰ হোৱা প্ৰথম গৰাকী কিশোৰীৰ দৰেই দ্বিতীয় গৰাকী কিশোৰীৰ দেহতো আঘাতৰ চিহ্ন স্পষ্ট ৰূপত পোৱা গৈছে ৷ সম্প্ৰতি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ছাইবাৰ অপৰাধীৰ চক্ৰান্তৰ বলি হ'ল ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.