ডিফু, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান শুভাৰম্ভণি কাৰ্যসূচীৰ খাদ্য বিষক্ৰিয়া সন্দৰ্ভত কাৰ্বি আংলং জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই এই তদন্তৰ ঘোষণা কৰে ৷ উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই তদন্তৰ দায়িত্ব দণ্ডাধীশ পাৰ্থ সাৰথি জহ'ৰীক অৰ্পণ কৰা হৈছে ৷
তদুপৰি তদন্তকালত দণ্ডাধীশ গৰাকীয়ে খাদ্যখিনি কোনে যোগান ধৰিছিল, আৰু কেনেকৈ বিষ ক্ৰিয়া হ'বলৈ পালে এই সন্দৰ্ভত তদন্ত কৰিব ৷ ইয়াৰ পিচতে পৰৱৰ্তী সময়ত শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷