ETV Bharat / state

কাৰ্বি আংলঙত মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 10, 2021, 9:55 PM IST

পশ্চিম কাৰ্বি আংলং জিলাত সন্দেহজনক অৱস্থাত মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ ৷ খেৰণি থানাৰ অন্তৰ্গত খান্দাজানত অন্নপূৰ্ণা মাইক্ৰ’ ফাইনেঞ্চ শীৰ্ষক প্ৰতিষ্ঠানটোৰ এজেণ্ট হিচাপে কৰ্মৰত আছিল যুৱকজন ৷

কাৰ্বি আংলঙত মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ
কাৰ্বি আংলঙত মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ

ডিফু, ১০ এপ্ৰিল : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত খান্দাজানত শনিবাৰে পুৱাৰ ভাগত এডাল গছত ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ অনুসৰি, শনিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে খান্দাজানৰ পথাৰৰ মাজত থকা এডাল গছত চিপ লৈ ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে । মৃতদেহটো মৰিগাঁও জিলাৰ চৰাইবাহীৰ নীলকান্ত বৰদলৈৰ বুলি পিছত চিনাক্ত কৰা হয় ।

জানিব পৰা মতে, অন্নপূৰ্ণা মাইক্ৰ’ ফাইনেঞ্চ শীৰ্ষক প্ৰতিষ্ঠানটোৰ এজেণ্ট হিচাপে কৰ্মৰত যুৱকজনে প্ৰতিষ্ঠানটোৰ হৈ এলেকাটোত ধন সংগ্ৰহৰ দায়িত্বত আছিল । সেই অনুসৰি, শুক্ৰবাৰে যুৱকজনে প্ৰতিষ্ঠানটোৰ বাবে ধন সংগ্ৰহ কৰি হোজাই জিলাৰ লংকাস্থিত কাৰ্যালয়ত জমা দি বিয়লি ওভতি অহাৰ পিছৰে পৰা যুৱকজন সন্ধানহীন হৈ পৰে । অৱশেষত শনিবাৰে পুৱাৰ ভাগত যুৱকজনৰ মৃতদেহটো গছত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে । খেৰণি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.